• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > জৰুৰীকালীন অৱস্থা স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ যুগ- কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা
National

জৰুৰীকালীন অৱস্থা স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ যুগ- কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

CliQ INDIA
Last updated: June 26, 2025 11:05 am
CliQ INDIA
Share
4 Min Read
SHARE

শ্বিলং, ২৫ জুন (হি.স.)। জৰুৰীকালীন অৱস্থা স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ যুগ। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ। কেন্দ্ৰীয় বিদেশ আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শ্বিলঙত এখন সংবাদমেলত অংশ লৈ কংগ্ৰেছ চৰকাৰে আৰোপ কৰা ‘জৰুৰীকালীন অৱস্থা’ৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰসংগত এনেদৰে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

১৯৭৫ চনৰ ২৫ জুনত আৰোপ কৰা জৰুৰীকালীন অৱস্থাক স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ যুগ হিচাপে অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে যে, সেই সময়ত যুদ্ধ, বিদ্ৰোহ বা ৰাষ্ট্ৰীয় সংকটৰ বাবে নহয়, ব্যক্তিগত আৰু ৰাজনৈতিক হতাশাৰ ফলস্বৰূপে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, ২১ মাহৰ সেই সময়ছোৱাত গণতন্ত্ৰৰ সকলো স্তম্ভ — কাৰ্যপালিকা, ন্যায়পালিকা, বিধানপালিকা আৰু সংবাদ মাধ্যমে কেৱল এগৰাকী ব্যক্তিক শিৰনত কৰিবলগীয়া হৈছিল।

এটা ৰাতিৰ ভিতৰতে সংবিধানক উপেক্ষা কৰা হৈছিল, সংবাদ মাধ্যমক চুপ কৰোৱা হৈছিল, সংবাদ মাধ্যমৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছিল, সম্পাদকসকলক কাৰাগাৰত পঠোৱা হৈছিল আৰু বিৰোধিতা কৰাক অপৰাধ হিচাপে গণ্য কৰা হৈছিল। সেই সময়চোৱাত মিছা(MISA) আইনৰ অধীনত ১ লাখৰো অধিক নাগৰিক, যুৱক, সংবাদকৰ্মী, ট্রেড ইউনিয়ন নেতা আৰু ৰাজনৈতিক নেতাসকলক অমানৱীয় অৱস্থাত আটক কৰা হৈছিল। আটক হোৱা ব্যক্তিসকলৰ ভিতৰত জয়প্ৰকাশ নাৰায়ণ, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী আৰু ৰাজনাথ সিঙৰ দৰে জ্যেষ্ঠ নেতাসকলো আছিল। Indira is India and India is Indira — এই ধৰণৰ শ্লোগানত তেতিয়াৰ সময়ছোৱাত থকা ব্যক্তি-পূজা আৰু বংশানুক্ৰমিক ৰাজনীতিৰ প্ৰতিফলন হৈছিল, যাৰ প্ৰভাৱ আজিও দেখিবলৈ পোৱা যায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰে যে, ইতিমধ্যে উপেক্ষিত হৈ থকা উত্তৰ-পূব ভাৰতক জৰুৰীকালীন সময়ত অধিক উপেক্ষা কৰা হৈছিল। সংবাদ মাধ্যমৰ চেন্সৰশ্বিপৰ ফলত যোগাযোগ বন্ধ হৈ পৰিছিল, আৰু ২৬ জুনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ বহু জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ ফলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অন্য অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে। এই নিষ্ঠুৰতাৰ এটি স্পষ্ট উদাহৰণ আছিল মেঘালয়ৰ প্ৰয়াত অধ্যাপক মাৰ্টিন নাৰায়ণ মাজাও, তেতিয়াৰ এগৰাকী বিধায়ক, যাক ১৩ মাহতকৈও অধিক সময় কাৰাগাৰত ৰখা হৈছিল আৰু তেওঁৰ মাতৃৰ মৃত্যুৰ পূৰ্বে তেওঁৰ সৈতে দেখা কৰাৰ সুযোগো দিয়া হোৱা নাছিল।

সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পুনৰ কয় যে শ্বাহ কমিশ্যনে জৰুৰীকালীন অৱস্থাৰ বাবে কোনো সংবিধানিক যুক্তি নোপোৱা বুলি মত প্ৰকাশ কৰিছিল, তথাপিও ১৯৮০ চনত ক্ষমতালৈ উভতি অহাৰ পাছত কংগ্ৰেছে সেই প্ৰতিবেদনটো জনচক্ষুত অনা নাছিল। তদুপৰি, শ্ৰদ্ধেয় ন্যায়াধীশ এইচ. আৰ. খান্নাক সেই সময়ত ভাৰতৰ জ্যেষ্ঠতম ন্যায়াধীশ হোৱাৰ পিছতো তেখেতে সত্যৰ পক্ষে থিয় হোৱাৰ বাবে আৰু এ. ডি. এম. জবলপুৰ কেছত চৰকাৰৰ বিৰুদ্ধে ৰায় দিছিল বাবেই মুখ্য ন্যায়াধীশৰ পদৰ পৰা বঞ্চিত কৰা হৈছিল।

কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই পুনৰ কয় যে, জৰুৰীকালীন সময়ত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লাখ লাখ কার্যকৰ্তাই স্বেচ্ছাচাৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, প্ৰাণৰ ভাবুকি লৈও গণতন্ত্ৰ ৰক্ষা কৰিছিল। তেওঁলোকে গোপনভাৱে সজাগতা বৃদ্ধি কৰিছিল, পুস্তিকা বিতৰণ কৰিছিল আৰু দমন, উৎপীড়নৰ সন্মুখীন হোৱাৰ পাছতো গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰিবলৈ দৃঢ়ভাৱে থিয় দিছিল। সেই সময়ৰ সংগ্রামে আজিৰ গণতান্ত্ৰিক মূল্যবোধৰ আধাৰ গঢ়ি তুলিছিল।

তেখেতে পুনৰ উল্লেখ কৰে যে, কংগ্ৰেছে ইউ. পি. এ. শাসনকালত (২০০৪-২০১৪) সংবাদ মাধ্যমৰ ওপৰত চাপ সৃষ্টি কৰি আৰু প্ৰতিষ্ঠানসমূহৰ অপব্যৱহাৰ কৰি প্ৰতিবাদী কন্ঠ দমন কৰাৰ মনোভাব অব্যাহত ৰাখিছিল। লগতে, surgical strike, air strike আৰু Operation Sindoorক লৈ কংগ্ৰেছে পুনৰ প্ৰমাণ বিচাৰি সেনাৰ সাহসক অপমান কৰিছিল আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত ৰাজনীতিক অগ্ৰাধিকাৰ দিছিল।

তেখেতে পুনৰ কয় যে, আজিৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত গণতান্ত্ৰিক শক্তি, সংবিধানিক অখণ্ডতা আৰু ৰাষ্ট্ৰীয় একতাৰ সৈতে আগবাঢ়ি আছে। কিন্তু কংগ্ৰেছৰ মনোভাৱ আজিও ১৯৭৫ চনতেই ৰুদ্ধ হৈ আছে, য’ত নাগৰিকৰ অধিকাৰ আৰু গণতন্ত্ৰৰ প্ৰতি অশ্ৰদ্ধা বিদ্যমান।

উল্লেখ্য যে এই সংবাদমেলৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দক্ষিণ শ্বিলঙত এক বৃক্ষৰোপণ কাৰ্যসূচীয়ো ৰূপায়ণ কৰে। এই কাৰ্যসূচীত বিজেপি, মেঘালয়ৰ ৰাজ্যিক সভাপতি ৰিকমেন মমিনো উপস্থিত আছিল।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

পশ্চিম এছিয়া সংকট: ভাৰতত সৰ্বদলীয় বৈঠক, শক্তিৰ বিপদাশংকা বৃদ্ধি
ৰাজনাথ সিঙৰ পাকিস্তানক সকীয়নী- ভাৰতৰ মাটিত যদি সন্ত্ৰাসবাদী আক্ৰমণ হয়, তেন্তে ‘ নাপাব ৰেহাই’
এন আৰ চিৰ জাননীত মমতাৰ অভিযোগ – বংগবাসীৰ পৰিচয় মচি পেলোৱাৰ ষড়যন্ত্ৰ
উচ্চতম ন্যায়ালয়ে চিইচি নিযুক্তি আইনৰ বিলম্বক সমালোচনা কৰে।
পশ্চিম বংগৰ ৰেচন কেলেংকাৰী, ইডিৰ তৃণমূল নেতা অনিসুৰক ১৪ ঘণ্টা ধৰি জেৰা, ভাতৃৰ সৈতে গ্ৰেপ্তাৰ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দুবছৰৰ পাছত জুলাইত লাডাখ ভ্ৰমণ কৰিব দালাই লামা, ৪৫ দিনৰ হ’ব এই ভ্ৰমণ
Next Article চতিয়াত অবৈধ ভাৱে কঢ়িয়াই অনা ২৮টাকৈ গৰু জব্দ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?