ধৰ্মশালা, ২৫ জুন (হি.স.)। তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামা অহা মাহ জুলাইত লাডাখ ভ্ৰমণ কৰিব । ধৰ্মগুৰুগৰাকীয়ে দুবছৰৰ অন্তত এই লাডাখ ভ্ৰমণ কৰিব যিটো ৪৫ দিনীয়া হ’ব। ধৰ্মশালাত ৯০ বছৰীয়া জন্মদিন উদযাপনৰ লগে লগে দালাই লামাৰ এই অৱস্থান হ’ব। এই সময়ছোৱাত দালাই লামাই তেওঁৰ অনুগামীসকলক শিক্ষা প্ৰদান কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
দালাই লামাৰ কাৰ্যালয়ে দালাই লামা লাডাখ বৌদ্ধ সন্থা (এলবিএ)ৰ সভাপতি ছেৰিং দৰ্জেলৈ প্ৰেৰণ কৰা পত্ৰত এই ভ্ৰমণ নিশ্চিত কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি ১২ জুলাইত লেহত উপস্থিত হ’ব দালাই লামা। লাডাখত শান্তি নোবেল বঁটা বিজয়ীগৰাকীয়ে কিছুদিন জিৰণি লৈ বতৰৰ লগত অভ্যস্ত হ’ব। তেওঁৰ সূচীত লেহ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কেইবাটাও ৰাজহুৱা আৰু ব্যক্তিগত অনুষ্ঠান অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰাচীন মঠ আৰু সংৰক্ষিত বৌদ্ধ ঐতিহ্যৰ বাবে পৰিচিত দুৰ্গম আৰু আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চল জানস্কাৰলৈও সম্ভাৱ্য ভ্ৰমণ কাৰ্যসূচীত আছে যদিও নিৰ্দিষ্ট তাৰিখ এতিয়াও চূড়ান্ত কৰা হোৱা নাই।
দালাই লামাৰ আগন্তুক ভ্ৰমণক লৈ এল বি এয়ে আনন্দ প্ৰকাশ কৰি হিমালয় অঞ্চলৰ বাবে তেওঁৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত আলোকপাত কৰিছে।
আমেৰিকা ভ্ৰমণ বাতিল হোৱাৰ পিছত লাডাখ ভ্ৰমণ-
২০২৪ চনৰ জুলাই মাহত দালাই লামাৰ পৰিকল্পিত আমেৰিকা ভ্ৰমণ আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে বাতিল হোৱাৰ পিছত তেওঁৰ এই আগন্তুক ভ্ৰমণ। এই ভ্ৰমণ বাতিল হোৱাৰ পিছৰ মাহকেইটাত লাডাখৰ বিভিন্ন ধৰ্মীয় আৰু সম্প্ৰদায়ৰ নেতাই সক্ৰিয়ভাৱে দালাই লামাৰ কাৰ্যালয়ৰ কাষ চাপিছে তেওঁক পুনৰ নিমন্ত্ৰণ কৰিবলৈ। ২০২৪ চনৰ অক্টোবৰ মাহত লাডাখ গনপা এছ’চিয়েশ্যনৰ থিক্সে ৰিনপোচে, চেৰিং ডৰ্জে (এলবিএ), লাডাখ গনপা এছ’চিয়েশ্যনৰ চেৰিং আংডুছ আৰু লাডাখ যুৱ সন্থাৰ জিগমেট ৰাবটনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে দালাই লামাক ধৰ্মশালাৰ বাসগৃহত সাক্ষাৎ কৰি ২০২৫ চনত তেওঁক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।
লাডাখ ভ্ৰমণৰ সময়ত দালাই লামাৰ শিক্ষাই বৌদ্ধ দৰ্শন, সাৰ্বজনীন মমতা আৰু আন্তঃধৰ্মীয় সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, যিবোৰ মূল্যবোধ তেওঁ সমগ্ৰ বিশ্বতে ধাৰাবাহিকভাৱে সমৰ্থন কৰি আহিছে।
লাডাখ ভ্ৰমণৰ পূৰ্বে দালাই লামাই ধৰ্মশালাত ধাৰাবাহিকভাৱে ৯০ সংখ্যক জন্মদিন উদযাপনত অংশগ্ৰহণ কৰিব। ৩০ জুনত মেকলিঅ’ডগঞ্জৰ মূল তিব্বতী মন্দিৰ চুগলাখাঙত ৰাজহুৱা অনুষ্ঠান আৰু দীৰ্ঘজীৱন অৰ্পণ অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হ’ব। ৫ জুলাইত কেন্দ্ৰীয় তিব্বতী প্ৰশাসনে নিৰ্বাসনত বসবাস কৰা সকলো তিব্বতী লোকৰ হৈ দীৰ্ঘজীৱন উদযাপন কৰিব। পিছদিনা ৬ জুলাইত আনুষ্ঠানিক জন্মদিন উদযাপন অনুষ্ঠিত হ’ব, য’ত বিশ্বৰ শুভাকাংক্ষীসকলে ভাৰ্চুৱেল আৰু ব্যক্তিগতভাৱে যোগদান কৰাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
