উধমপুৰ (জম্মু-কাশ্মীৰ), ২১ জুন (হি.স.)। পাকিস্তানক কঠোৰ সকীয়নি দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কয় যে ভৱিষ্যতে ভাৰতৰ মাটিত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই। এই ভাবুকিৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা ল’বলৈ ভাৰত সাজু।
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা ইয়াত নৰ্দাৰ্ণ কমাণ্ডৰ জোৱানসকলক সম্বোধন কৰি পাকিস্তানক এই সতৰ্কবাণী প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে। তেওঁ কয় যে অপাৰেচন সিন্দুৰে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ ‘হাজাৰ আঘাত’ নীতি সফল হ’ব নোৱাৰে বুলি বাৰ্তা প্ৰেৰণ কৰিছে। সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ সৈতে উপস্থিত থকা ৰাজনাথ সিঙে কয় যে অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই। এই অভিযানৰ জৰিয়তে আমি পাকিস্তানক জনাইছো যে ভাৰতৰ বিৰুদ্ধে চলি থকা সন্ত্ৰাসবাদ সহ্য কৰা নহ’ব। ইয়াৰ উত্তৰ বেয়াৰ পৰা বেয়ালৈ যাব।
প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয় যে ২০১৬ চনৰ চাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ চনৰ এয়াৰ ষ্ট্ৰাইক (সীমান্তৰ সিপাৰে)ৰ স্বাভাৱিক ফলাফল আছিল অপাৰেচন সিন্দুৰ। তেওঁ কয় যে ভাৰতৰ মাটিত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণ পাকিস্তানৰ বাবে বিপৰ্যয়জনক বুলি প্ৰমাণিত হ’ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা ল’বলৈ সাজু ভাৰত।
মন কৰিবলগীয়া যে অপাৰেচন সিন্দুৰৰ অধীনত যোৱা ৬ আৰু ৭ মে’ৰ নিশা পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ সন্ত্ৰাসবাদী কাঠামোত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আক্ৰমণ চলাইছিল। এই আক্ৰমণটো আছিল ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ। পেহেলগামত সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক হত্য়া কৰিছিল, ইয়াৰে অধিকাংশই পৰ্যটক আছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
