কলকাতা, ০৮ জুলাই (হি.স.)। অসমৰ বিদেশী ন্যায়াধিকৰণে কুচবিহাৰ নিবাসী উত্তম কুমাৰ ব্ৰজাবাসীলৈ প্ৰেৰণ কৰা এন আৰ চিৰ জাননীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ গণতন্ত্ৰৰ ওপৰত সু-পৰিকল্পিত আক্ৰমণ বুলি অভিহিত কৰি বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।
মমতা বেনাৰ্জীয়ে কয় যে কুচ বিহাৰৰ দিনহাটা অঞ্চলৰ বাসিন্দা উত্তম কুমাৰ ব্ৰজাবাসীয়ে বিগত ৫০ বছৰ ধৰি বংগত বাস কৰি আহিছে, তেওঁক বিদেশী/অবৈধ প্ৰব্ৰজনকাৰী বুলি সন্দেহ কৰি অসমৰ এন আৰ চি ন্যায়াধিকৰণৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে। উত্তম কুমাৰৰ হাতত সকলো বৈধ পৰিচয় পত্ৰ থকাৰ পিছতো তেওঁক হাৰাশাস্তি কৰা হৈছে, যিটো সম্পূৰ্ণ অসাংবিধানিক আৰু অমানৱীয় বুলি অভিযোগ কৰে ছাত্ৰীগৰাকীয়ে।
মঙলবাৰে তেওঁৰ এক্স পোষ্টত মুখ্যমন্ত্ৰীয়ে স্পষ্ট শব্দৰে কয় যে এয়া কোনো বিচ্ছিন্ন ঘটনা নহয়, বৰঞ্চ বংগত এন আৰ চি জাপি দিয়াৰ বাবে বিজেপিৰ সুপৰিকল্পিত কৌশলৰ অংশ। মমতাই ইয়াক প্ৰান্তীয় সম্প্ৰদায়ক ভয় খুৱাই ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ এক সুপৰিকল্পিত প্ৰচেষ্টা বুলি অভিহিত কৰে।
এই বিষয়ত সকলো বিৰোধী দলক একত্ৰিত হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে সকলো গণতান্ত্ৰিক শক্তি একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব। ভাৰতীয় সংবিধান ভংগ কৰাৰ চেষ্টা কৰিলে বংগ কেতিয়াও মৌনতা অৱলম্বন নকৰে বুলিও মন্তব্য কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
