শিৱসাগৰ, ১৮ অক্টোবৰ (হি.স.)। আজি কাতি বিহু। কাতি বিহুক কঙালী বুলি কোৱা হয় যদিও বিহুৰ পৰম্পৰা ৰক্ষা কৰি ৰীতি-নীতিৰে কাতি বিহু পালন কৰি আহিছে অসমীয়াই। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নতুন প্ৰজন্মক এই কাতি বিহুৰ ৰীতি-নীতিৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে অঞ্চলটোৰ সমূহ ৰাইজৰ সম্প্ৰীতিৰ এনাজৰী দৃঢ় কৰাৰ উদ্দেশ্যেৰে নতুন পোহৰ যুৱ সমাজৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদযাপনৰ আয়োজন কৰিছে।
পুৱাৰে পৰা অঞ্চলটোৰ সমূহ ৰাইজ একত্ৰিত হৈ পতাকা উত্তোলনেৰে আৰম্ভ কৰি স্মৃতি তৰ্পণ,গছপুলি ৰোপণ, তুলসী ভেটি নিৰ্মাণ, ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা হয়। সন্ধিয়া তুলসীৰ তলত , খেতি পথাৰত বন্তি প্ৰজ্বলনৰ পিছতেই নিশালৈ বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে উদ্যোক্তা সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
