কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপৱিত্ৰ মাৰ্ঘেৰিটা ৩ দিনীয়া ভ্ৰমণসূচীৰে আগৰতলাত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ত তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব, বিভিন্ন উন্নয়নমূলক আঁচনি আৰু উদ্যোগৰ অগ্ৰগতি পৰিদৰ্শন কৰিব। লগতে স্থানীয় গোট আৰু বিষয়াসকলৰ সৈতে বৈঠক আৰু মত বিনিময়ৰ কাৰ্যসূচীতো অংশ গ্ৰহণ কৰিব।
BulletsIn
- কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপৱিত্ৰ মাৰ্ঘেৰিটা ৩ দিনীয়া ভ্ৰমণসূচীৰে আগৰতলাত উপস্থিত হৈছে।
- তেওঁ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডী নল্লু আৰু মুখ্যমন্ত্রী ড° মাণিক সাহাৰ সৈতে সাক্ষাৎ কৰে।
- ভ্ৰমণকালত খোৱাই জিলাৰ কেন্দ্ৰীয় প্ৰকল্পসমূহ পৰিদৰ্শন কৰিব।
- শিক্ষা, স্বাস্থ্য, জল জীৱন মিছন, কৃষি আন্তঃগাঁথনি, আৰু দক্ষতা বিকাশ আদি ক্ষেত্ৰত চলি থকা প্ৰকল্পসমূহ পৰ্যালোচনা কৰিব।
- মহিলা পৰিচালিত আত্মসহায়ক গোট আৰু জিলা বিষয়াসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব।
- হস্তশিল্প ক্লাষ্টাৰ প্ৰজেক্ট আৰু আইচিডিএছৰ অধীনত ‘সমৰ্থ’ প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰিব।
- ফাটিকছাৰাত হস্ততাঁত সজাগতা কাৰ্যসূচী পৰিদৰ্শন কৰিব।
- উদয়পুৰত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত পূজা আৰু আৰ্শীবাদ গ্ৰহণ কৰিব।
- আগৰতলাৰ ৰাজ্যিক সচিবালয়ত বস্ত্ৰ মন্ত্ৰালয় আৰু অন্যান্য বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব।
