মুম্বাই, ২১ জুলাই (হি.স.)। কোচিৰ পৰা মুম্বাইলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ২৭৪৪ মুম্বাই বিমানবন্দৰৰ ৰাণৱেত সোমবাৰে অৱতৰণ কৰাৰ সময়তে মুম্বাই বিমানবন্দৰৰ ৰাণৱেত পিছলি পৰে আৰু ইয়াৰ তিনিওটা টায়াৰ ফাটি যায়। কিন্তু পাইলটৰ উপস্থিত বুদ্ধি আৰু দ্ৰুত প্ৰতিক্ৰিয়াৰ বাবে এটা ডাঙৰ দুৰ্ঘটনা ৰোধ কৰা হ’ল। এই ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই।
এয়াৰ ইণ্ডিয়াই জাৰি কৰা এক বিবৃতিত বিমানখনক নিৰাপদে টেক্সিৱেলৈ অনাৰ লগতে সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰক নিৰাপদে নমাই দিয়া বুলি জানিব পৰা গৈছে। কোনো লোক আহত হোৱা নাই। এই ঘটনাৰ পিছত লগে লগে বিমানখন গ্ৰাউণ্ড কৰা হয় আৰু ইয়াৰ কাৰিকৰী তদন্ত অব্যাহত আছে। এয়াৰ ইণ্ডিয়াই কয় যে যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা তেওঁলোকৰ প্ৰথম অগ্ৰাধিকাৰ।
এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয় যে প্ৰবল বৰষুণৰ বাবে বিমানখন অৱতৰণ কৰাৰ পিছত ৰাণৱেৰ পৰা সামান্য পিছলি যায়। পাইলটে পৰিস্থিতি চম্ভালিলে আৰু বিমানখন নিৰাপদে গেটলৈ লৈ যোৱা হয়। সকলো যাত্ৰী নিৰাপদ। বিমানখন পৰীক্ষা কৰা হৈছে। এই ঘটনাৰ পিছত কিছুসময় ধৰি মুম্বাই বিমানবন্দৰত বিমান পৰিবহণত প্ৰভাৱ পৰিছিল যদিও এতিয়া পৰিস্থিতি স্বাভাৱিক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
