শিমলা, ১৪ আগষ্ট (হি.স.)। হিমাচল প্ৰদেশত ডাৱৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। যোৱা নিশা কুল্লু, কিন্নাউৰ, লাহাউল স্পিটি আৰু শিমলা জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত বহু দলং আৰু যান-বাহন উটুৱাই লৈ যায়। ভাঙি পৰিল ঘৰ-দুৱাৰ আৰু দোকান-পোহাৰ। এই সময়ছোৱাত ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ বৃহৎ ক্ষতি হয়। সকাহৰ কথা যে এতিয়ালৈকে কোনো লোকে প্ৰাণ হেৰুওৱাৰ খবৰ পোৱা নাই। বিপদজনক অঞ্চলৰ পৰা গাঁওবাসীক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে প্ৰশাসনে।
বতৰ বিজ্ঞান বিভাগে আজি চাম্বা, কাংৰা আৰু মাণ্ডী জিলাত প্ৰবলৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। কুল্লু জিলাৰ বঞ্জাৰ মহকুমা, মাণ্ডি জিলাৰ গোহৰ মহকুমা, শিমলা জিলাৰ জুব্বল মহকুমা আৰু উনা জিলাৰ সকলো শিক্ষানুষ্ঠানত আজি বন্ধ ঘোষণা কৰা হৈছে।
কুল্লু জিলাৰ বঞ্জাৰ উপত্যকাৰ বাথাধৰত কালি সন্ধিয়া ডাৱৰ বিস্ফোৰণৰ ফলত বহু ঘৰৰ ক্ষতিসাধন হয়। বনজাৰৰ টিল্লা আৰু ডোগ্ৰা কালভাৰ্ট ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে পাঁচখন বাহন উটুৱাই লৈ যায়। চাৰিটা কটেজৰো ক্ষতিসাধন হয়। জিলাখনৰ নিৰ্মণ্ড মহকুমাৰ কুৰ্পন খাদত ধুমুহাৰ সৃষ্টি হৈছে, যাৰ বাবে বাগী পুলৰ বজাৰখন খালী কৰা হৈছে। তীৰ্থন উপত্যকা আৰু বাগী পুলৰ সমীপৰ সকলো বিপদজনক এলেকাও খালী কৰি মানুহক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে।
জনজাতি জিলা কিন্নাউৰৰ সীমান্তৱৰ্তী অঞ্চল ঋষি ডগৰি উপত্যকাৰ ওপৰৰ অংশত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে ছটলেজ নদীত নিৰ্মিত দলংখন উটুৱাই লৈ যায়। এই ঘটনাত এজন লোক আহত হয়। চিপিডব্লিউডিৰ অধীনত গংথাং-ব্ৰালাম অভিমুখে চলি থকা পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে হোজো লুংপা নলাত বানপানীৰ ফলত। পুহ গাঁৱৰ উথাউন খোৱাপানী আঁচনিৰ ক্ষতিসাধন হোৱাৰ লগতে ব্যক্তিগত কোম্পানী এটাৰ চৌহদ ডুব গৈছে। ছতলেজ নদীৰ জলপৃষ্ঠ বৃদ্ধি আৰু ধ্বংসাৱশেষৰ বাবে মুকলি কৰা হৈছে কাৰ্চাম ৱাংটু নাথপা মথাউৰিৰ দুৱাৰ। ধাৰাসাৰ বৰষুণৰ বাবে পাগল নলা, নাথপা আৰু নিগুলছাৰীৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰুদ্ধ হৈ পৰিছে।
জনজাতি জিলা লাহাউল স্পিতিৰ মায়াড় উপত্যকাত ডাৱৰ বিস্ফোৰণৰ ফলত বিপদৰ সন্মুখীন হৈছে কৰপট গাঁওখন। গাঁওখনৰ প্ৰায় দুডজন পৰিয়ালক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে প্ৰশাসনে। শিমলা জিলাৰ কুল্লুৰ সীমান্তৱৰ্তী ৰামপুৰ মহকুমাৰ পোন্ধৰ বেছ অঞ্চলৰ নন্তী খাদত পাহাৰত ডাৱৰ বিস্ফোৰণৰ ফলত চাৰিখন দলং, দুখন ঘৰ, পাঁচখন দোকান, দুখন চেড, আপেলৰ বাগিচা আৰু কৃষিভূমি উটুৱাই লৈ যায়। ইয়াৰ উপৰিও ৭টা ঘৰ, ৫খন দোকান, ৭টা চেড আৰু এটা সৰু বিদ্যুৎ প্ৰকল্পও ক্ষতিগ্ৰস্ত হৈছে। এখন এম্বুলেন্স আৰু এখন এইচ আৰ টি চি বাছ খাদত আবদ্ধ হৈ থকাৰ বিপৰীতে তিনিখন পঞ্চায়ত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
ইফালে ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ৰাইজক আহ্বান জনাইছে যে নদী-নৈৰ ওচৰলৈ নাযাব আৰু অপ্ৰয়োজনীয় যাতায়তৰ পৰা বিৰত থাকে যেন। আনহাতে ১৯ আগষ্ট পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী দিছে বিভাগটোৱে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
