নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী স্বৰ্গীয় ইন্দিৰা গান্ধীক মৃত্যু বাৰ্ষিকীত স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইন্দিৰা পৰিয়ালৰ বোৱাৰী ছোনিয়া আৰু নাতি ৰাহুলৰ সৈতে দলৰ সভাপতি খৰ্গে আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে মঙলবাৰে পুৱা শক্তি স্থানত উপস্থিত হৈ প্ৰয়াত ইন্দিৰা গান্ধীৰ সমাধিস্থলত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰাক স্মৰণ কৰি খৰ্গে ‘এক্স’ত লিখিছে যে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী তথা আমাৰ আদৰ্শ ইন্দিৰা গান্ধীয়ে নিজৰ শক্তিশালী ইচ্ছাশক্তি, দক্ষ নেতৃত্ব, অনন্য কৰ্মশৈলী আৰু দূৰদৰ্শিতাৰে শক্তিশালী আৰু প্ৰগতিশীল ভাৰত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল , শ্বহীদ দিৱসত তেখেতক আমি বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো।
হিন্দুস্থান সমাচাৰ/আশুতোষ/মনোজ/অৰবিন্দ
