মহোবা (উত্তৰ প্ৰদেশ), ০৭ অক্টোবৰ (হি.স.)। মহোবা জিলাৰ পানৱাড়ী চহৰত পোহৰলৈ আহিছে লাভ জেহাদৰ এক চাঞ্চল্যকৰ ঘটনা। এজন মুছলমান যুৱকে নিজৰ ধৰ্ম লুকুৱাই ৰাখি এগৰাকী হিন্দু ছোৱালীক ফুৰিবলৈ নিয়াৰ অজুহাতত বন্ধুত্ব কৰিছিল, ধৰ্ষণৰ চেষ্টা কৰিছিল। ইয়াৰ পিছতে অশ্লীল ভিডিঅ’ আৰু ফটো বনাই তাইক ব্লেকমেইল কৰিছিল। সোমবাৰেও বজাৰত নিৰ্যাতন চলাইছিল ছোৱালীজনীক। পথচাৰীয়ে অভিযুক্তৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে।
কিছুদিন পূৰ্বে ১৪ বছৰীয়া কন্যা সন্তান বজাৰলৈ যোৱাৰ কথা উল্লেখ কৰি আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভূক্তভোগীৰ পিতৃয়ে। জেনেৰেল ষ্ট’ৰত এজন যুৱকক লগ পাইছিল তাই। যুৱকজনে নিজকে দীপক বুলি পৰিচয় দিলে। ইয়াৰ পিছত যুৱকজনে তাইৰ লগত সম্পৰ্ক আৰম্ভ কৰিলে। কিছুদিন পিছত তাইক ফুৰিবলৈ নিয়াৰ অজুহাতত গাড়ীত উঠাই লৈ ধৰ্ষণৰ চেষ্টা চলালে। পিছত তেওঁ তাইৰ অশ্লীল ফটো আৰু ভিডিঅ’ তুলি ব্লেকমেইল কৰে। যেতিয়া তাই নাকচ কৰিলে তেতিয়া তেওঁ ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিয়ে।
পিতৃয়ে উল্লেখ কৰে যে সোমবাৰে পুৱা প্ৰায় ১০ বজাত তেওঁৰ কন্যাই ফল-মূল কিনিবলৈ বজাৰলৈ গৈছিল। অভিযুক্তই তাইৰ পিছে পিছে গৈ ৰাজহুৱাভাৱে তাইৰ হাতত ধৰি নিৰ্যাতন চলায়। কন্যাই যেতিয়া হৈ হাল্লা কৰিলে, পথচাৰীয়ে তাইক উদ্ধাৰ কৰি অভিযুক্তক ধৰি, আধাৰ কাৰ্ড পৰীক্ষা কৰি, তেওঁৰ নাম জুনেইদ বুলি গম পায়। অভিযুক্তই হিন্দু নাম ব্যৱহাৰ কৰি কন্যাক লাভ জেহাদৰ বলি কৰে।
অতিৰিক্ত আৰক্ষী অধীক্ষক বন্দনা সিঙে অভিযোগৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি উল্লেখ কৰে। অভিযুক্তক জিম্মাত লোৱা হৈছে। বিষয়টোৰ তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
