ঢাকা, ০৭ অক্টোবৰ (হি.স.)। বাংলাদেশৰ চিলেটৰ দক্ষিণ সুৰমা মহকুমাৰ মোঘলাবাজাৰত আজি পুৱা ঢাকা অভিমুখী উদয়ন এক্সপ্ৰেছৰ ইঞ্জিন আৰু তিনিটা ডবা ৰে’লপথৰ পৰা লাইনচ্য়ুত হয়। চিলেট আৰু দেশৰ বাকী অংশৰ মাজত ৰে’ল সেৱা ব্যাহত হৈ পৰে। পুৱা প্ৰায় ৬:৪০ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ ফলত ঢাকা অভিমুখী কালনি এক্সপ্ৰেছখন চিলেট ৰেলৱে ষ্টেচনত আবদ্ধ হৈ পৰে।
ঢাকা ট্ৰিবিউন আৰু দ্য ডেইলী ষ্টাৰত প্ৰকাশিত বাতৰি অনুসৰি চিলেট জি আৰ পি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল কুদ্দুছে এই কথা নিশ্চিত কৰি ৰে’ল লাইন পুনৰ মুকলি কৰাৰ প্ৰচেষ্টা চলি থকা বুলি কয়। তেওঁ লগতে কয় যে উদয়ন এক্সপ্ৰেছখন চট্টগ্ৰামৰ পৰা আহিছিল। চিলেট ৰেলৱে ষ্টেচনৰ মেনেজাৰ নুৰুল ইছলামে কয় যে এই ঘটনাত কেইবাজনো যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হয়। ষ্টেচন মেনেজাৰে জানিবলৈ দিয়া মতে, উদ্ধাৰ বাহিনী আৰু ৰে’ল আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
