নতুন দিল্লী, । ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (মঙলবাৰ) উত্তৰাখণ্ড আৰু ৰাজস্থানত নিৰ্বাচনী সভাত ভাষণ দিব।
বিজেপিয়ে এই তথ্য এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দিনৰ ১২ বজাত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত আৰু বিয়লি ৩:৩০ বজাত ৰাজস্থানৰ কোটপুটলীত দলীয় জনসভাত ভাষণ দিব। উল্লেখযোগ্য যে উত্তৰাখণ্ডৰ মুঠ ৫খন লোকসভা আসনৰ বাবে ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
