–দেওবাৰে পুৱাৰ কাণ্ডৰ সময়ত এলভিছ ঘৰত উপস্থিত নাছিল
গুৰুগ্ৰাম, ১৭ আগষ্ট (হি.স.)। ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত অজ্ঞাত আক্ৰমণকাৰীয়ে দেওবাৰে পুৱা ৫ৰ পৰা ৬ বজাৰ ভিতৰত গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে। গুলীচালনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত চিচিটিভি ফুটেজৰ তদন্তও অব্যাহত ৰাখিছে আৰক্ষীয়ে।
তথ্য অনুসৰি দেওবাৰে পুৱা ছেক্টৰ-৫৭ত বিগ বছ বিজয়ী ইউটিউবাৰ এলভিছৰ ঘৰত বাইক চলাই তিনিজন অচিনাকি দুষ্কৃতিকাৰীয়ে ১০ৰ পৰা ১২টা গুলীচালনা কৰে। পুৱা হঠাৎ এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অৱশ্যে কোনো লোকৰ জীৱন বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই। এলভিছ যাদৱো সেই সময়ত ঘৰত উপস্থিত নাছিল।
আৰক্ষীৰ মুখপাত্ৰ সন্দীপ কুমাৰে জানিবলৈ দিয়া মতে, ঘটনাৰ তথ্য পোৱাৰ লগে লগে ছেক্টৰ-৫৬ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তেওঁ কয় যে কেইবাটাও আৰক্ষীৰ দল তদন্তত নিয়োজিত হৈ আছে।
ৰাতিপুৱা বাইকত উঠি এলভিছৰ ঘৰলৈ আহিছিল তিনিজন দুষ্কৃতিকাৰী। ঘৰৰ তলৰ আৰু প্ৰথম মহলাত সংঘটিত হয় এই গুলীচালনা।
উল্লেখ্য় যে এলভিছ যাদৱ হাৰিয়ানৱী কণ্ঠশিল্পী ৰাহুল ফাজিলপুৰীয়াৰ ঘনিষ্ঠ। শেহতীয়াকৈ ৰাহুল ফাজিলপুৰীয়াৰ ওপৰতো গুলীচালনা কৰা হৈছিল। এই গোচৰটো ফাজিলপুৰীয়া গোচৰৰ সৈতেও জড়িত হৈ আছে। সম্প্ৰতি আৰক্ষী তদন্ত অব্য়াহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
