• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > প্ৰতিজন নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰৰ কোনো আপোচ নহয় : ৰাষ্ট্ৰপতি
National

প্ৰতিজন নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰৰ কোনো আপোচ নহয় : ৰাষ্ট্ৰপতি

CliQ INDIA
Last updated: December 11, 2025 8:16 am
CliQ INDIA
Share
3 Min Read
SHARE
कार्यक्रम में राष्ट्रपति द्रौपदी मुर्मू
कार्यक्रम में राष्ट्रपति द्रौपदी मुर्मू
कार्यक्रम में राष्ट्रपति द्रौपदी मुर्मू

নতুন দিল্লী, ১০ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ দিনা আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে প্ৰতিজন নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰৰ কোনো আপোচ নহয় । ভাৰতৰ সাংস্কৃতিক পৰম্পৰা বসুধৈৱ কুটুম্বকম নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যিয়ে সাৰ্বজনীন মানৱ অধিকাৰৰ মনোভাৱক শক্তিশালী কৰে।

ৰাজধানীত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়মূৰ্তি ভি ৰামাসুব্ৰমণিয়ান ন্যায়মূৰ্তি বিদ্যুৎ ৰঞ্জন সাৰংগী, বিজয়া ভাৰতী সায়ানী প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি. কে মিশ্ৰ, আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ সমন্বয়ক আৰেতি ছিয়েনি আদিও আছিল। এই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে আয়োগৰ হিন্দী আলোচনী নয় দিশায়েন আৰু ইংৰাজী আলোচনী জাৰ্নেল অৱ এন এইচ আৰ চিৰ ২০২৪-২৫ সংস্কৰণ প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ খচৰা প্ৰস্তুত কৰাত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, আৰু ইয়াৰ মূল মূল্যবোধ মানৱ মৰ্যাদা, সমতা, আৰু স্বাধীনতা ভাৰতৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ।

তেওঁ কয় যে সংবিধানৰ স্থপতি ড০ ভীমৰাও আম্বেদকাৰে মানৱ অধিকাৰ, গণতন্ত্ৰ, সামাজিক ন্যায়ক ইটোৱে সিটোৰ পৰা অবিচ্ছেদ্য বুলি ঘোষণা কৰিছিল। ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে শেহতীয়া বছৰবোৰত এন এইচ আৰ চিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। আয়োগে ৩ হাজাৰৰো অধিক গোচৰত স্ব গুৰুত্ব ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে উন্নয়নৰ সুফল শেষ ব্যক্তিৰ ওচৰ পালেহে উন্নত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হ’ব।

তেওঁ কয় যে মানৱ অধিকাৰ আৰু উন্নয়ন আন্তঃসংলগ্ন, আৰু সকলো নাগৰিককে গুণগত শিক্ষা, স্বাস্থ্য, গৃহ নিৰ্মাণ, বিশুদ্ধ পানী, অনাময়, আৰু সামাজিক সুৰক্ষাৰ দৰে মৌলিক সুবিধা প্ৰদান কৰাটোৱেই হৈছে মানৱ অধিকাৰ পূৰণৰ ভেটি। একলব্য আদৰ্শ আৱাসিক বিদ্যালয় আৰু পি এম শ্ৰী বিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানসমূহে অভাৱগ্ৰস্ত সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰিছে। গৃহ নিৰ্মাণ আৰু খাদ্য সুৰক্ষা আঁচনিসমূহে লাখ লাখ লোকক উপকৃত কৰিছে, তেওঁলোকক এক মৰ্যাদাপূৰ্ণ জীৱনৰ ভেটি প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে শেহতীয়া শ্ৰম সংস্কাৰ আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থাই শ্ৰমিকৰ অধিকাৰ আৰু অধিক শক্তিশালী কৰিছে। দুৰ্গম আৰু সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা সকলো নাগৰিককে অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱাটো চৰকাৰ আৰু সমাজৰ ভাগ-বতৰা দায়িত্ব। সৰ্বাংগীন বিকাশৰ অৰ্থ হ’ল উন্নয়নৰ যাত্ৰাত কোনো লোক পিছ পৰি নাথাকে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

দিল্লীত উন্নত হোৱা নাই বতৰৰ স্তৰ, আজিও ‘গুৰুতৰ’ | BulletsIn
মণিপুৰত পৃথক পৃথক অভিযানত বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ, তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ | BulletsIn
লালু পৰিয়ালে গোটেই জীৱন কাৰাগাৰত আৰু জামিনত কটাবঃ জে পি নড্ডা
ভাৰতৰ বৃহৎ সফলতা, ডিআৰডিঅ’য়ে সম্পন্ন কৰে আইএডব্লিউএছৰ সফল পৰীক্ষা
প্ৰধানমন্ত্ৰী মোদীৰ কেৰালাত আজি ৰেলী: বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্ণায়ক প্ৰচাৰ অভিযান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অষ্ট্ৰেলিয়াৰ গুৰুত্বপূৰ্ণ আইন: ১৬ বছৰৰ তলৰ শিশুৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ নিষেধাজ্ঞা
Next Article বোকাখাটৰ বিএছএনএল চৌহদৰ পৰা মূল্যবাণ সামগ্ৰী চুৰি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?