ৱাশ্বিংটন, ২৪ জুলাই (হি.স.)। দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল কাকতৰ এক বিশেষ বাতৰিৰ বাবে শিৰোনাম দখল কৰা জেফ্ৰি এপষ্টেইন গোচৰত ট্ৰাম্প প্ৰশাসনে বিপৰ্যয়ৰ সন্মুখীন হৈছে। আমেৰিকাৰ ন্যায় বিভাগৰ এই অনুৰোধ নাকচ কৰে ৱেষ্ট পাম বিচ (ফ্ল’ৰিডা)ৰ আমেৰিকাৰ জিলা ন্যায়াধীশ ৰবিন ৰ’জেনবাৰ্গে। বিভাগটোৱে এই গোচৰৰ সৈতে জড়িত গ্ৰেণ্ড জুৰীৰ প্ৰতিলিপি (গোপনীয় নথি-পত্ৰ) ৰাজহুৱা কৰিবলৈ আদালতক অনুৰোধ জনাইছিল।
দ্য নিউয়ৰ্ক টাইমছ আৰু এনবিচি নিউজে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটৰ্নী জেনেৰেল পেম বণ্ডিক এই গোচৰৰ সৈতে জড়িত সকলো প্ৰয়োজনীয় গ্ৰেণ্ড জুৰীৰ নথি প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে। বুধবাৰে আমেৰিকাৰ ন্যায় বিভাগৰ অনুৰোধত ন্যায়াধীশ ৰবিন ৰ’জেনবাৰ্গে এই ৰায় প্ৰদান কৰে। ৰায়দানত কোৱা হৈছে যে এপষ্টেইনৰ তদন্তৰ সৈতে জড়িত ২০০৫ আৰু ২০০৭ চনৰ ফেডাৰেল গ্ৰেণ্ড জুৰীৰ প্ৰতিলিপি মুকলি কৰাৰ ক্ষেত্ৰত আদালতৰ হাত বান্ধি ৰখা হৈছিল।
উল্লেখযোগ্য যে ২০১৯ চনত নিউয়ৰ্কত তেওঁৰ বিচাৰৰ ৰায়দানৰ পূৰ্বে এপষ্টেইনৰ জেলত মৃত্যু হৈছিল। ২০২১ চনত দোষী সাব্যস্ত হৈছিল তেওঁৰ প্ৰেমিকা ঘিছলাইন মেক্সৱেলক।২০ বছৰৰ কাৰাদণ্ড ভুগি আছে। ৰ’জেনবাৰ্গে সিদ্ধান্তটোত লিখিছে যে চৰকাৰে কাৰ্যতঃ স্বীকাৰ কৰিছে যে আদালতৰ হাত বান্ধি আছে, কাৰণ ১১ নং আমেৰিকাৰ চাৰ্কিট আদালতে এক বাধ্যতামূলক নজিৰ গঢ়ি তুলিছে।
মন কৰিবলগীয়া যে দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ২০০৩ চনত এপষ্টেইনৰ ৫০ বছৰীয়া জন্মদিনত ট্ৰাম্পে এপষ্টেইনলৈ এখন অশ্লীল চিঠি প্ৰেৰণ কৰিছিল।এই প্ৰকাশৰ পিছতে ট্ৰাম্পে দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰকাশক, ইয়াৰ দুজন সাংবাদিক আৰু নিউজ কৰ্পৰ প্ৰতিষ্ঠাপক ৰূপাৰ্ট মাৰ্ডকৰ বিৰুদ্ধে গোচৰ তৰিছে। বাতৰি কাকতখনে কয় যে তেওঁলোকে নিজৰ প্ৰতিবেদনৰ কাষত থিয় দিছে।
এই গোচৰটো আমেৰিকাত চৰ্চা হোৱাৰ এটা ডাঙৰ কাৰণ হ’ল এপষ্টেইন আৰু তেওঁৰ প্ৰেমিকা গিছলেন মেক্সৱেলৰ বিখ্যাত লোকৰ সৈতে সম্পৰ্ক আছিল। ইয়াৰ ভিতৰত ৰাজপৰিয়ালৰ সদস্য, ৰাষ্ট্ৰপতি আৰু কোটিপতিৰ নাম। এপষ্টেইন আছিল এজন ধনী বিত্তীয় ব্যক্তি। যৌন শোষণ আৰু নাবালক ছোৱালীৰ সৰবৰাহৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল। তেওঁৰ মৃত্যুৰ ওপৰত এতিয়াও সন্দেহ আৰু ষড়যন্ত্ৰৰ ডাৱৰ উৰি আছে। ফেডাৰেল প্ৰচিকিউটৰসকলে এতিয়াও কয় যে এপষ্টেইনে ১০০০ৰো অধিক নাবালক ছোৱালীক এই নৰকলৈ ঠেলি দিছিল।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
