নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। অহা ৮ জানুৱাৰী সোমবাৰে ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে সেইদিনা দুপৰীয়া ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত কৰা ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে কথা পাতিব। এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়েও বক্তব্য ৰাখিব। হিতাধিকাৰীৰ মুখৰে শুনিব তেওঁলোকৰ কথা। কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্য্যায়ৰ প্ৰতিনিধিয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
