নতুন দিল্লী, ২৮ আগষ্ট (হি.স.)। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভাৰতে ১ ট্ৰিলিয়ন ডলাৰৰ সামুদ্ৰিক বিনিয়োগৰ ৰ’ডমেপৰ জৰিয়তে বিশ্বব্যাপী অংশীদাৰিত্বৰ বাবে নিজৰ বন্দৰৰ পৰা সেউজ হাইড্ৰ’জেন হাবলৈ দুৱাৰ মুকলি কৰিছে। বুধবাৰে দিল্লীত ২৮খন দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ সৈতে হোৱা এক গোলটেবুল বৈঠকত তেওঁ এই মন্তব্য কৰে। চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে অৰ্থনৈতিক চহৰ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ প্ৰস্তুতিৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
এই বৈঠকত জ্যেষ্ঠ বিষয়া, উদ্যোগটোৰ প্ৰতিনিধি আৰু বহু লোকে অংশগ্ৰহণ কৰে। এই সময়ছোৱাত ভাৰতে বিশ্ব অংশীদাৰসকলৰ ওচৰত বিনিয়োগ আৰু সহযোগিতাৰ বাবে আবেদন জনায়। সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক যাত্ৰা এতিয়া নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু মেৰিটাইম অমৃত কাল ভিজন ২০৪৭ৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই পদক্ষেপসমূহে বন্দৰ আৰু জাহাজ পৰিবহণৰ পৰিৱেশ তন্ত্ৰক অধিক বহনক্ষম, স্থিতিস্থাপক আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তুলিছে।
তেওঁ কয় যে বন্দৰ আৰু কাৰ্গো টাৰ্মিনেল পৰিচালনা, মাল্টি ম’ডাল টাৰ্মিনেল, জাহাজ নিৰ্মাণ, জাহাজ পুনঃব্যৱহাৰ, জাহাজ মেৰামতি আৰু সামুদ্ৰিক সেৱা আদি ক্ষেত্ৰত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ অপৰিসীম সম্ভাৱনা আছে। ইয়াৰ লগতে সেউজ হাইড্ৰজেন হাব আৰু বহনক্ষম জাহাজ চলোৱাৰ সমাধানতো বিশ্ব সহযোগিতাৰ এক বৃহৎ পৰিসৰ মুকলি হৈছে।
বৈঠকত বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে গুৰুত্ব দি আহিছে যে বন্দৰ কেৱল সমৃদ্ধিৰ দুৱাৰ নহয়, ভাৰতৰ ভৱিষ্যতৰ দুৱাৰ। ঠাকুৰে বন্দৰ আধুনিকীকৰণ, অভ্যন্তৰীণ জলপথ সম্প্ৰসাৰণ, সেউজ আৰু ডিজিটেল জাহাজ চলোৱাৰ ক্ষেত্ৰত সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যক্তিগত খণ্ডৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে আবেদন জনায়।
যুটীয়া সচিব আৰ লক্ষ্মণনে বাধৱন বন্দৰ, গালাথিয়া বে ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ আৰু টুনা টেক্ৰা টাৰ্মিনেলৰ দৰে মেগা প্ৰকল্পৰ বিষয়ে বিনিয়োগকাৰীসকলৰ সৈতে তথ্য ভাগ-বতৰা কৰে। তেওঁ কয় যে সেউজ হাইড্ৰ’জেন হাব, এল এন জি বাংকাৰিং, জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক ঔদ্যোগিক উদ্যানত বিনিয়োগৰ বৃহৎ সম্ভাৱনা আছে।
আলোচনাৰ সময়ত ভাৰতৰ মূল সামুদ্ৰিক অগ্ৰাধিকাৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য’ত জাহাজ নিৰ্মাণৰ ক্ষমতা শক্তিশালী কৰা আৰু বন্দৰ ভিত্তিক উন্নয়নৰ জৰিয়তে দেশখনক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। নীলা অৰ্থনীতি, সাগৰীয় সম্পদৰ দায়িত্বশীল ব্যৱহাৰ আৰু বহনক্ষম উন্নয়নকো গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হৈছিল। সেউজ জাহাজ আৰু ডিজিটেলাইজেশ্যনৰ দিশত ভাৰতৰ প্ৰচেষ্টাক প্ৰশংসা কৰি দূতসকলে কয় যে হাইড্ৰজেন চালিত জাহাজ আৰু কম নিৰ্গমন প্ৰযুক্তিয়ে ভৱিষ্যতে এক বৃহৎ পৰিৱৰ্তন আনিব।
এই উপলক্ষে ইয়াকো কোৱা হৈছিল যে গিফ্ট চিটিক সামুদ্ৰিক বিত্তীয় সাহায্যৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে, যিয়ে বিশ্বব্যাপী বিনিয়োগ আৰু উদ্ভাৱনক ত্বৰান্বিত কৰিব। চৰকাৰৰ শেহতীয়া সংস্কাৰকো প্ৰশংসা কৰে দূতসকলে। ইয়াৰ ভিতৰত ঔপনিৱেশিক যুগৰ পুৰণি নিয়মৰ ঠাইত বিশ্বৰ উত্তম পদ্ধতিৰ সৈতে সংগতি ৰাখি পাঁচখন নতুন আইন প্ৰণয়ন কৰা হৈছে।
এই বৈঠকৰ ফলাফল এতিয়া পোনপটীয়াকৈ ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ত অন্তৰ্ভুক্ত কৰা হ’ব। অক্টোবৰ ২৭ৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইৰ নেস্কো প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত নীতি নিৰ্ধাৰক, বিনিয়োগকাৰী আৰু উদ্যোগৰ নেতাসকলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানটো ভাৰতৰ সৰ্ববৃহৎ সামুদ্ৰিক মঞ্চ হিচাপে বিবেচিত হৈছে, য’ত ধাৰণাসমূহক সুনিৰ্দিষ্ট প্ৰকল্প আৰু প্ৰতিশ্ৰুতিসমূহ অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰা হ’ব।
উল্লেখযোগ্য যে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত অনুষ্ঠিত হ’ব ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫। ইয়াত ১ লাখৰো অধিক প্ৰতিনিধি, ১০০ খনতকৈও অধিক দেশ, ২০০ৰো অধিক বিশ্ব বক্তা আৰু ৫০০ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত ১০টাতকৈও অধিক সমান্তৰাল কাৰ্যসূচী আৰু ১০ লাখ কোটিতকৈও অধিক বিনিয়োগৰ সুযোগ উপস্থাপন কৰা হ’ব। ২৭ অক্টোবৰত উদ্বোধনী অধিৱেশন অনুষ্ঠিত হ’ব। ২৮ অক্টোবৰত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া কনফাৰেন্স আৰু সাগৰমন্থন অধিবেশন অনুষ্ঠিত হ’ব। ২৯ অক্টোবৰত ৰাষ্ট্ৰসংঘ-এছিয়া প্ৰশান্ত অধিবেশন,সামুদ্ৰিক বিত্তীয়, জলবায়ু কোষ, সেউজ দিৱস আৰু চতুৰ্ভুজ অধিবেশন অনুষ্ঠিত হ’ব । ইফালে ৩০ অক্টোবৰত ‘ছিইও’ সন্মিলন আৰু সামুদ্ৰিক ঐতিহ্য অধিবেশন অনুষ্ঠিত হ’ব। আনহাতে ৩১ অক্টোবৰত ডিজিটেল আৰু ভৱিষ্যত প্ৰযুক্তি অধিবেশন, গ্ল’বেল কনফাৰেন্স অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
