নতুন দিল্লী। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৫ বজাত নমো এপৰ জৰিয়তে তামিলনাডুৰ বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ দলৰ সুশাসনৰ এজেণ্ডা ফলপ্ৰসূভাৱে প্ৰচাৰৰ বাবে ৰাজ্যৰ দলীয় কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লৈছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয় মই আজি সন্ধিয়া ৫ বজাত ‘আনাথু বুথ ভালিমায়ানা বুথ’ত নমো এপৰ জৰিয়তে আমাৰ পৰিশ্ৰমী তামিলনাডু বিজেপি কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ আশাৰে বাট চাই আছো। তামিলনাডুত আমাৰ কৰ্মীসকলে কেনেদৰে জনসাধাৰণৰ মাজত কাম কৰি আছে আৰু আমাৰ দলৰ সুশাসনৰ কাৰ্যসূচী ৰাজ্যজুৰি কাৰ্যকৰীভাৱে প্ৰচাৰ কৰাটো নিশ্চিত কৰাটো প্ৰশংসনীয়। সমানেই সত্য যে তামিলনাডু ডি এম কেৰ অপশাসনত বিৰক্ত হৈ অতি আশাৰে আমাৰ দলৰ ফালে চাই আছে।
