চিক্কাবল্লাপুৰ (কৰ্ণাটক), ২৬ অক্টোবৰ (হি.স.)। প্ৰযুক্তি নগৰী বেংগালুৰুৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত কৰ্ণাটকৰ চিক্কাবল্লাপুৰৰ উপকণ্ঠ অঞ্চলত আজি বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত এখন গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে। এই ভয়ংকৰ দুৰ্ঘটনাত ১২ জন লোকৰ থিতাতে মৃত্যু হয়। নিহতসকলৰ ভিতৰত চাৰিগৰাকী মহিলাও আছে। গাড়ীত থকা মাত্ৰ এজন ব্যক্তিহে ৰক্ষা পৰে।
চিক্কাবল্লাপুৰৰ আৰক্ষী অধীক্ষক ডি এল নাগেশে কয় যে, “দুৰ্ঘটনাৰ সঠিক কাৰণ তদন্ত চলি আছে, কিন্তু প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে কুঁৱলীৰ বাবে দৃশ্যমানতা কম হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।” ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ (বেংগালুৰু-হায়দৰাবাদ)ত সংঘটিত হয় এই দুৰ্ঘটনা। বাগেপালীৰ পৰা চিক্কাবল্লাপুৰলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত লোক কেইজন। নিহত লোকসকল অন্ধ্ৰ প্ৰদেশৰ শ্ৰী সত্য সাই জিলাৰ গোৰান্তলা অঞ্চলৰ বাসিন্দা আছিল।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
