কলকাতা, ১৯ জুন (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ তথা কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ৰ অৱস্থা সংকটজনক হৈয়ে আছে। তেওঁক কলকাতাৰ উডলেণ্ডছ মাল্টিস্পেচিয়েলিটি হাস্পতালৰ ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)লৈ স্থানান্তৰ কৰা হৈছে। বিশেষজ্ঞ চিকিৎসকৰ এটা দলে তেওঁক অহৰহ নিৰীক্ষণ কৰি আছে।
৬৩ বছৰীয়া গংগোপাধ্যায়ক পেটৰ বিষ, বমি আৰু পেট ফুলাৰ অসুবিধাৰ বাবে ১৪ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তদন্তত তীব্ৰ পেনক্ৰিয়াটাইটিছ আৰু গেষ্ট্ৰাইটিছ চেপ্চিছ নিশ্চিত কৰা হৈছে। বুধবাৰে নিশা চিকিৎসালয়ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰূপক বৰুৱাই কয় যে ২৪ ঘন্টাত গংগোপাধ্যায়ৰ অৱস্থা সামান্য উন্নত হৈছে যদিও তেওঁক আই চি ইউত বিশেষ পৰ্যবেক্ষণত ৰখা হৈছে। তেওঁ কয়, পৰিস্থিতি সংকটজনক আৰু আমি কোনো ধৰণৰ ৰিস্ক লোৱা নাই। বিশেষজ্ঞ চিকিৎসকৰ বহু বিশেষজ্ঞ দলে তেওঁৰ যত্ন লৈছে।”
এই দলটোত আভ্যন্তৰীণ চিকিৎসা বিশেষজ্ঞ, হৃদৰোগ বিশেষজ্ঞ, পালমোন’লজিষ্ট, এণ্ডক্ৰাইন’লজিষ্ট, গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট আৰু পাচনতন্ত্ৰৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ। সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে দলীয় নেতাসকলৰ সৈতে চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকৰ পৰা তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। বিজেপি নেতাসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰে।
অভিজিৎ গংগোপাধ্যায়ে ২০২৪ চনত তমলুক লোকসভাৰ আসন দখল কৰি সংসদত স্থান লাভ কৰিছিল। ইয়াৰ পূৰ্বে কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০২৪ চনত পদত্যাগ কৰি ৰাজনীতিত প্ৰৱেশ কৰে। ন্যায়াধীশ হিচাপে তেওঁৰ বহু সিদ্ধান্ত শিৰোনামত আছিল। ২০২২ চনত তেওঁ চিবিআইক বিদ্যালয় সেৱা আয়োগ আৰু পশ্চিমবংগ মাধ্যমিক শিক্ষা ব’ৰ্ডে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হোৱা অনিয়মৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও ২০২৩ চনত তেওঁ প্ৰায় ৩২ হাজাৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তি বাতিল কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
