২৭ আগষ্টৰ দিনটো শিখ ইতিহাসত অতি গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয়। ১৬০৪ চনৰ ২৭ আগষ্টত অমৃতসৰৰ হৰমন্দিৰ চাহাব (সোণালী মন্দিৰ)ত প্ৰথমবাৰৰ বাবে গুৰু গ্ৰন্থ চাহাব প্ৰতিষ্ঠা হয়। এই দিৱস শিখসকলৰ বাবে বিশ্বাস, ভক্তি আৰু ইতিহাসৰ প্ৰতীক। গুৰু গ্ৰন্থ চাহাব কেৱল ধৰ্মীয় গ্ৰন্থই নহয়, মানৱতা, প্ৰেম, সমতা আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰদান কৰা জীৱন দৰ্শন।
এই গ্ৰন্থখন গুৰু অৰ্জন দেৱজীৰ নিৰ্দেশনাত সংকলন কৰা হৈছে আৰু ইয়াত শিখ গুৰুসকলৰ শিক্ষাৰ লগতে সন্ত আৰু চুফীসকলৰ বাক্যও সন্নিবিষ্ট কৰা হৈছে। এই গ্ৰন্থখন মানৱতাৰ কল্যাণৰ এক বিস্ময়কৰ বাৰ্তাবাহক আৰু শিখ ধৰ্মত সদগুৰুৰ মৰ্যাদা লাভ কৰিছে।
অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:
১৭৮১ – হাইদৰ আলীয়ে ব্ৰিটিছ সেনাৰ বিৰুদ্ধে পলিলুৰ যুদ্ধ কৰে।
১৮৫৯ – এডউইন এল ড্ৰেকে পেনচিলভেনিয়াত বিশ্বৰ প্ৰথমটো তেল কুঁৱা খান্দিছিল, যিয়ে ঔদ্যোগিক বিপ্লৱক জোৰ দিছিল।
১৮৭০- আজিৰ দিনটোতে ভাৰতত শ্রমজীৱী সংঘ প্ৰতিষ্ঠা হয়, যিটো দেশৰ প্ৰথম শ্ৰমিক সংগঠন।
১৯৩৯ – বিশ্বৰ প্ৰথমখন জেট ইন্ধন ভিত্তিক বিমানে জাৰ্মানীৰ পৰা প্ৰথম বিমান যাত্ৰা আৰম্ভ কৰে।
১৯৫০ – ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনে (বিবিচি) প্ৰথমবাৰৰ বাবে লাইভ টেলিকাষ্ট সম্প্ৰচাৰ কৰে।
১৯৭৬ – ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথম মহিলা জেনেৰেল মেজৰ জেনেৰেল জি আলী ৰামক সামৰিক নাৰ্চিং সেৱাৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।
১৯৭৯ – আয়াৰলেণ্ডৰ ওচৰত নাও বিস্ফোৰণ সংঘটিত হয়।
১৯৮৫- নাইজেৰিয়াত সামৰিক অভ্যুত্থানত মেজৰ জেনেৰেল মহম্মদ বুহাৰীৰ চৰকাৰ উৎখাত হয়। জেনেৰেল ইব্ৰাহিম বাবাংগিদা নতুন সামৰিক শাসক হয়।
১৯৯০ – আমেৰিকাই ৱাশ্বিংটনত থকা ইৰাকী দূতাবাসৰ ৫৫ জন কৰ্মচাৰীৰ ভিতৰত ৩৬ জন কৰ্মচাৰীক বহিষ্কাৰ কৰে।
১৯৯১ – মলদোভাই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰে।
১৯৯৯ – কাৰ্গিল সংঘাতৰ সময়ত বন্দী হৈ থকা পাকিস্তানী যুদ্ধবন্দীসকলক ভাৰতে মুকলি কৰি দিয়ে। ১৯৯৯ – সোণালী বেনাৰ্জী ভাৰতৰ প্ৰথম মহিলা মেৰিন ইঞ্জিনিয়াৰ হয়।
২০০৩ – প্ৰায় ৬০,০০০ বছৰৰ ব্যৱধানৰ পিছত মংগল গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছিল।
২০০৮ – ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী শিবু সোৰেনে ঝাৰখণ্ডৰ ষষ্ঠ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
২০১৮ – জাকাৰ্টা এছিয়ান গেমছত পুৰুষৰ জেভলিন নিক্ষেপ প্ৰতিযোগিতাত ভাৰতৰ নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰে।
জন্ম:
১৯০৭ – ছাৰ ডন জৰ্জ ব্ৰেডমেন – প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ আৰু ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন।
১৯৫৭ – এন.ভি.ৰমন – ভাৰতৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ।
১৯৯৩ – চি.এ. ভৱানী দেৱী – ভাৰতীয় মহিলা ফেন্সাৰ।
মৃত্যু:
১৯৬৩ – ইনায়াতুল্লাহ খান মাছৰিকী – খাক্সাৰ আন্দোলনৰ জনক আৰু পাকিস্তান সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ব্যক্তি।
১৯৭৬ – মুকেশ – ভাৰতীয় প্লেবেক গায়ক।
১৯৭৯ – লৰ্ড মাউণ্টবেটেন – ব্ৰিটিছ ৰাজনীতিবিদ, নৌসেনাৰ মুৰব্বী আৰু ভাৰতৰ শেষ ভাইচৰয়।
১৯৮২ – আনন্দময়ী মা – ভাৰতৰ এজন অতি বিখ্যাত সাধু।
২০০৬ – হৃষিকেশ মুখাৰ্জী – ভাৰতীয় চলচ্চিত্ৰৰ বিখ্যাত প্ৰযোজক আৰু পৰিচালক।
২০১০ – ৰবীন্দ্ৰ কেলকাৰ – কংকনী সাহিত্যৰ সবল স্তম্ভ।
গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান:
ৰাষ্ট্ৰীয় চকু দান পষেক
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
