• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > দিল্লীত আজিৰ পৰা কমাণ্ডাৰ কনফাৰেন্স, নৌসেনাৰ যুদ্ধ প্ৰস্তুতিৰ ওপৰত তিনিদিনীয়া চৰ্চা
National

দিল্লীত আজিৰ পৰা কমাণ্ডাৰ কনফাৰেন্স, নৌসেনাৰ যুদ্ধ প্ৰস্তুতিৰ ওপৰত তিনিদিনীয়া চৰ্চা

CliQ INDIA
Last updated: October 22, 2025 6:20 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। ‘অপাৰেচন সিন্দুৰ’ৰ পিছত ভাৰতীয় নৌসেনাৰ দ্বিবাৰ্ষিক কমাণ্ডাৰ সন্মিলনৰ দ্বিতীয় সংস্কৰণ আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে । এয়া ২৪ অক্টোবৰলৈকে চলি থাকিব। নৌসেনাৰ যুদ্ধ প্ৰস্তুতিৰ প্ৰেক্ষাপটত এই সন্মিলন তাৎপৰ্যপূৰ্ণ, কিয়নো ইয়াত ভাৰতীয় সেনা, বায়ুসেনা, আৰু ভাৰতীয় উপকূলৰক্ষীৰ সৈতে যুদ্ধৰ ক্ষমতা, আন্তঃকাৰ্য্যক্ষমতা, আৰু যৌথ অভিযান বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

নৌসেনাৰ কেপ্তেইন বিবেক মাধৱালে জনোৱা মতে, এই সন্মিলনৰ সময়ত নৌসেনাৰ অধিনায়কসকলক সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী আৰু কেবিনেট সচিবে। তেওঁলোকৰ ভাষণসমূহে ব্যাপক ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু উন্নত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই সন্মিলনে ৰাষ্ট্ৰীয় নেতৃত্ব আৰু আমোলাতন্ত্ৰৰ সৈতে ঘনিষ্ঠ আলোচনাৰ মঞ্চ প্ৰদান কৰাৰ লগতে বৰ্তমানৰ ভূ-কৌশলগত পৰিৱেশত বহুমুখী প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত নৌসেনাৰ দৃষ্টিভংগীক শক্তিশালী কৰিব। এই সন্মিলনত প্ৰতিৰক্ষা মুৰব্বী আৰু বায়ুসেনাৰ মুৰব্বী ডাঙৰীয়াৰ ভাষণ আৰু নৌসেনাৰ জ্যেষ্ঠ নেতৃত্বৰ সৈতে গভীৰ আলোচনাও অনুষ্ঠিত হ’ব। আলোচনাৰ লক্ষ্য হ’ব সহযোগিতা বৃদ্ধি আৰু যৌথ পৰিকল্পনা আৰু কাৰ্য্যকলাপৰ নিষ্পাদনত সামৰ্থ্য বৃদ্ধিৰ বাবে সম্পদ ব্যৱহাৰ কৰা।

নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীয়ে কমাণ্ডাৰ ইন চিফৰ সৈতে ভাৰত মহাসাগৰ অঞ্চলৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ সৈতে জড়িত পৰিকল্পনাসমূহ পৰ্যালোচনা আৰু মূল্যায়ন কৰিব। বৰ্তমানৰ পৰিস্থিতিত নৌসেনাৰ অভিযান, প্ৰশিক্ষণ, আৰু বিভিন্ন কাৰ্য্যকৰী কামৰ বাবে সম্পদৰ উপলব্ধতাৰ সৈতে জড়িত বিষয়সমূহো আলোচনা কৰা হ’ব। কমাণ্ডাৰসকলে ভৱিষ্যতৰ সম্ভাৱনাৰ বাবে নৌসেনাৰ ৰোডমেপৰ ওপৰতো গভীৰ আলোচনা কৰিব, য’ত মূল সক্ষমক, উন্নত কাৰ্য্যকৰী লজিষ্টিক, আৰু ডিজিটেলাইজেশ্যনকে ধৰি। যুদ্ধ সমাধান আৰু সুৰক্ষিত পৰিৱেশত স্থায়ী নিৰৱচ্ছিন্ন কাৰ্য্যকলাপৰ বাবে এআই, বিগ ডাটা, আৰু মেচিন লাৰ্নিঙৰ দৰে বিঘ্নিতকাৰী প্ৰযুক্তিসমূহ পৰ্যালোচনা কৰাৰ পৰিকল্পনা কৰা হৈছে।

এই সন্মিলনত নৌসেনাৰ শীৰ্ষ নেতৃত্বই পশ্চিম আৰু পূব সাগৰৰ পাৰত নিজৰ কাৰ্য্যকৰী প্ৰস্তুতিৰ ব্যাপক পৰ্যালোচনা কৰিব। এই সন্মিলনে ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ অধীনত খিলঞ্জীয়াকৰণ আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ লগতে ভাৰত চৰকাৰৰ মহাসাগৰ (সকলো অঞ্চলৰে সুৰক্ষাৰ বাবে পাৰস্পৰিক আৰু সামগ্ৰিক উন্নয়ন) দৃষ্টিভংগীক আগুৱাই নিব। লগতে আই অ’ আৰ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতীয় নৌসেনাক পছন্দৰ নিৰাপত্তা অংশীদাৰ হিচাপে প্ৰসাৰ কৰাৰ সন্দৰ্ভতো চৰ্চা কৰা হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

উত্তৰাখণ্ডৰ ছিলকায়ৰাত চলি থকা উদ্ধাৰ অভিযানক চাঞ্চল্যকৰ নকৰিব: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
Sensex-এ 76,000 অংক পুনৰুদ্ধাৰ কৰিলে, শক্তিশালী বজাৰ উত্থানত নিফ্টী 172 পইণ্ট উৰ্ধমুখী
হিমাচলত বাৰিষাৰ বিধ্বংসী ৰূপ, মানালীত জাহ গৈছে দোকান-পোহাৰ, ৯খন জিলাৰ বিদ্যালয়-মহাবিদ্যালয় আজি বন্ধ
প্ৰধানমন্ত্ৰীৰ আজি ডিব্ৰুগড়ৰ নামৰূপত নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমিপূজন
ইকুৱেডৰ, বলিভিয়া আৰু কিউবা ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সম্প্ৰতি অনুষ্ঠিত নহয় পুটিনৰ সৈতে ট্ৰাম্পৰ দ্বিতীয়খন শীৰ্ষ সন্মিলন
Next Article ৫৯ সংখ্যক গৰেমাৰী ষাঠিশামুকা শ্যামা পূজা মহোৎসৱত মুকলি জুৱাৰ আদ্দা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?