নতুন দিল্লী, ২২ অক্টোবৰ। ভাৰতীয় জনতা পাৰ্টিৰ তেলেংগানাৰ একমাত্ৰ বিধায়ক টি ৰাজা সিঙৰ নিলম্বন বাতিল কৰিছে। অনুশাসন সমিতিয়ে লাভ কৰা উত্তৰ বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে। ২০২২ চনৰ আগষ্ট মাহত মহম্মদ চাহেবক লৈ দিয়া বিতৰ্কিত বক্তব্যৰ পিছত তেওঁক নিলম্বন কৰা হৈছিল।
দেওবাৰে বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিয়ে বিধায়ক সিঙৰ নিলম্বন বাতিল কৰি পত্ৰ প্ৰেৰণ কৰে। ইয়াত কোৱা হৈছে যে টি ৰাজাই দাখিল কৰা উত্তৰ আৰু স্পষ্টীকৰণ দলৰ অনুশাসন সমিতিয়ে বিবেচনা কৰিছে। তেওঁৰ উত্তৰৰ ভিত্তিত কমিটীয়ে সিদ্ধান্ত লৈছে যে তেওঁৰ নিলম্বন অনতিপলমে প্ৰত্যাহাৰ কৰিব লাগে।
ৰাজাই এই নিলম্বন বাতিল কৰাৰ বাবে দলৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে। গোছামহাল সমষ্টিৰ পৰা তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথম তালিকাত তেওঁৰ নাম ঘোষণা কৰা হৈছে।
উল্লেখ্য যে ১১৯ জনীয়া তেলেংগানা বিধানসভা নিৰ্বাচনত ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
