







–বহুমুখী প্ৰতিভাধৰ ড০ ভূপেন হাজৰিকা পৃথিৱীৰ তুলনাহীন শিল্পী –অধ্যাপক শম্ভূনাথ সিং,উপাচাৰ্য্য, তেজপুৰ বিশ্ববিদ্যালয়
–নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিবলৈ চাতকৰ এই প্ৰয়াস আদৰণীয় –আনন্দ কুমাৰ দাস, জিলা আয়ুক্ত
–সকলো শ্ৰেণীৰ পাঠ্যক্ৰমতে ড০ ভূপেন হাজৰিকা বিষয় অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰলৈ আহ্বান জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ
–তেজপুৰৰ দৰে ঠাইত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰস্তাবনা অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ পাই মই গৌৰৱান্বিত –নমিতা ভট্টাচাৰ্য্য
শোণিতপুৰ, ২৫ আগষ্ট (হি.স.)। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ লক্ষ্যস্থান তেজপুৰৰ পৰা একপ্ৰকাৰ আৰম্ভ হ’ল ড০ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠান। উল্লেখ্য যে ,শব্দ আৰু সুৰৰ এটি শতিকা শীৰ্ষক বিষয়েৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান চাতক-এ অহা ৮ ছেপ্টেম্বৰৰ পৰা বিশ্ববৰেণ্য শিল্পী ,সুধাকণ্ঠ ,ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বৰ্ষজোৰা এলানি ব্যতিক্ৰমী কাৰ্যসূচীৰে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰাকমুহূৰ্তত যোৱাকালি দেওবাৰে এক সুৰীয়া -সাংগীতিক পৰিৱেশত প্ৰস্তাবনা অনুষ্ঠানটি সম্পন্ন হয় । চাতকৰ নিৰ্ধাৰিত ৬ -২৫ মিনিটৰ পৰা শৰাইত তামোল পাণেৰে উপস্থিত ৰাইজৰ ওচৰত সেৱা লৈ কেবাটাও ভূপেন্দ্ৰ সঙ্গীতৰ সমবেত পৰিৱেশনেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য শম্ভূনাথ সিঙে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।
অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, নিৰ্দিষ্ট বক্তা জ্যেষ্ঠ সাংবাদিক তথা গীতিকাৰ -সুৰকাৰ গৌতম শৰ্মা আৰু নিমন্ত্ৰিত শিল্পী প্ৰথিতযশা কন্ঠশিল্পী নমিতা ভট্টাচাৰ্য্য আৰু ভাৰত বিখ্যাত সৰোদবাদক তৰুণ কলিতাইও একোগছিকৈ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। উপাচাৰ্য্য শম্ভূনাথ সিঙে মুখ্য অতিথিৰ ভাষণত বহুমুখী প্ৰতিভাধৰ ড০ ভূপেন হাজৰিকা অকল অসম বা ভাৰতৰেই নহয় সমগ্ৰ বিশ্বৰে এগৰাকী তুলনাবিহীন শিল্পী বুলি মন্তব্য কৰি সেই প্ৰতিভা তেজপুৰৰ পৰাই উদ্ভাসিত হৈছিল বুলি কয় । ড০ ভূপেন হাজৰিকাৰ জাতিপ্ৰেম, ভাষা প্ৰেম অতুলনীয় বুলি কৈ সকলো দিশতেই তেওঁ অতি দায়ৱদ্ধতাৰে জড়িত হৈছিল। অসম আৰু অসমীয়াক সকলো ক্ষেত্ৰতে সমৃদ্ধ কৰা ব্ৰহ্মপুত্ৰৰ দৰে ভূপেন হাজৰিকাইও সকলো ক্ষেত্ৰতে অসমক সমৃদ্ধ কৰি যোৱাৰ বাবেই ব্ৰহ্মপুত্ৰৰ কথা আহিলেই ড০ ভূপেন হাজৰিকা প্ৰাসংগিক হৈ পৰে বুলি কয় । এনে গুণৰাশিৰ বাবেই তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰতিটো মুহূৰ্ততে ড০ ভূপেন হাজৰিকাক সৰ্বোচ্চ সন্মান দিয়াৰ পথ প্ৰশস্ত কৰি ৰাখিছে বুলি কয় উপাচাৰ্য্য গৰাকীয়ে ।
বিশিষ্ট অতিথিৰ ভাষণত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উত্তৰ প্ৰজন্মক উদ্বুদ্ধ কৰিব পৰাকৈ চাতক-এ বিশেষভাৱে আয়োজন কৰাৰ প্ৰাকমুহূৰ্তত এনে প্ৰস্তাবনা অনুষ্ঠানেৰে তেজপুৰৰ পৰা এক বিশেষ বাৰ্তা দিবলৈ প্ৰয়াস কৰাৰ বাবে চাতক পৰিয়ালৰ শলাগ লৈ সুধাকণ্ঠ গৰাকীৰ জীৱন -দৰ্শন আলোকপাত কৰে ।
নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক, আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক তথা গীতিকাৰ -সুৰকাৰ গৌতম শৰ্মাই ভূপেন হাজৰিকাৰ গীতত লোকগীত শীৰ্ষক বিষয়ত উদাহৰণ সহ নিজৰ গায়কীৰে আগবঢ়োৱা সাৱলীল ভাষণে উপস্থিত ৰাইজক আপ্লুত কৰে। শৰ্মাই আগবঢ়োৱা নাতিদীৰ্ঘ ভাষণত ধেমালিৰ চলেৰে এদিন ড০ ভূপেন হাজৰিকাই নিজেই উল্লেখ কৰা -তিনিটা বি অৰ্থাৎ ব্ৰহ্মপুত্ৰ ,বিহু আৰু ভূপেন হাজৰিকাই অসমীয়াক চিৰযুগমীয়া কৰি ৰাখিব বুলি কোৱাৰ প্ৰসংগ অৱতাৰণা কৰি প্ৰকৃততেই ইয়াতেই গভীৰ দৰ্শন নিহীত হৈ আছে বুলি মন্তব্য কৰে। ড০ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ আৰু বিহুৰ বিভিন্ন দিশ বিদ্যমান বুলি কৈ অকল গীত সমূহৰ দ্বাৰাই ড০ ভূপেন হাজৰিকাৰ দৰ্শনক জীয়াই ৰাখিবলৈ চেষ্টা কৰিলে নহ’ব তেখেতৰ মহাসাগৰ সদৃশ প্ৰতিভাৰ এটা অংশহে গীত সমূহ বুলি কৈ শৰ্মাই নতুন প্ৰজন্মই তেওঁৰ প্ৰকৃত দৰ্শন উপলব্ধি কৰিব পৰা এক পৰিৱেশ অগ্ৰজ সকলে সৃষ্টি কৰিব লাগিব বুলি কয় । তেওঁৰ গীত সমূহে অসম ,ভাৰতবৰ্ষ আৰু পৃথিৱীৰ পৰা বিশ্বনাগৰিকৰ কথা কৈ গৈছে । নিজৰ মাকক ভাল পালে আনৰ মাকক বেয়া পোৱা কথা আহিব নোৱৰা কথাও কৈ গৈছে গীতেৰে ।
ড০ ভূপেন হাজৰিকাৰ প্ৰায় ৩৫০ টা গীতৰ ভিতৰত আধাতকৈও অধিক গীতত পৃথিৱীৰ বিভিন্ন ঠাইৰ লোকসংগীতৰ প্ৰভাৱ পৰিছে । সেয়া আফ্ৰিকাৰ পৰা আৰবলৈ, আমেৰিকাৰ পৰা পঞ্জাবলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ কাছাৰৰ পৰা দৰঙলৈ বুলি কৈ বহুকেইটা গীতৰ উদাহৰণ নিজৰ গায়কীৰে উল্লেখ কৰে সাংবাদিক শৰ্মাই। সেইবাবেই গুলজাৰৰ দৰে প্ৰসিদ্ধ গীতিকাৰে ড০ ভূপেন হাজৰিকাৰ প্ৰসংগত ক’বলৈ বাধ্য হৈছিল বলীউডৰ অন্যতম শ্ৰেষ্ঠ লোকসংগীতৰ গভীৰ জ্ঞান থকা শিল্পী আছিল ড০ ভূপেন হাজৰিকা বুলি । সদায় এখন শ্ৰেণীহীন -বিভেদহীন আৰু সুন্দৰ অসমৰ সপোন দেখা ড০ ভূপেন হাজৰিকাৰ অৰ্ধশতাধিক গীতত বিহুৰ কথা উল্লেখ আছে আৰু অৰ্ধশতাধিক গীতত আকৌ ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ আছে । সেই গীতসমুহৰ কথা আৰু দৰ্শনেৰে যদি উত্তৰ প্ৰজন্ম আগুৱাই যাব পাৰে তেতিয়াহে ড০ ভূপেন হাজৰিকা চৰ্চা সাৰ্থক হ’ব বুলি কৈ শৰ্মাই ভাষণত অসম চৰকাৰক বিশেষভাৱে আহ্বান জনাই প্ৰাথমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈকে পাঠ্যক্ৰমত ড০ ভূপেন হাজৰিকাৰ ওপৰত নিৰ্দিষ্ট পাঠ অন্তভূৰ্ক্ত কৰা উচিত বুলি মন্তব্য কৰে ।
আনহাতে ড০ ভূপেন হাজৰিকাক প্ৰকৃততে বুজিবলৈ মাতৃভাষা যেনেকৈ শুদ্ধকৈ জানিব লাগিব তেনেদৰে আমাৰ উত্তৰ প্ৰজন্মই ড০ ভূপেন হাজৰিকাক জানিবলৈ শংকৰদেৱক জানিব লাগিব, লক্ষ্মীনাথ বেজবৰুৱাক জানিব লাগিব, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা,পাৰ্বতি প্ৰসাদ বৰুৱাকো জানিব লাগিব বুলি মন্তব্য কৰি ইয়াৰ বাবে মাতৃভাষা ভালকৈ জানিবই লাগিব বুলি কয় । কিন্তু সদায় সমন্বয় সম্প্ৰীতিৰ কথা কৈ যোৱা আমাৰ ৰাজ্যখনত আজি ক্ৰমশঃ সেই পৰিৱেশ নোহোৱা হৈ আহিছে বুলি আক্ষেপ প্ৰকাশ কৰে শৰ্মাই ।
চাতকৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু সভাপতি পংকজ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ সংগীতানুষ্ঠানৰ প্ৰথমছোৱাত তেজপুৰৰ উদীয়মান গায়ক -গায়িকা ক্ৰমে দীক্ষিত মহন্তই মানৱ দৰ্শন আৰু জনজীৱনৰ প্ৰতি গভীৰ আস্থা থকা সুধাকণ্ঠ গৰাকীৰ নিজৰেই অতি প্ৰিয় গীত সাগৰ সংগমত কতনা সাঁতুৰিলোঁ শীৰ্ষক গীত,অন্বেষা কাঞ্চন বৰাই বৃহত্তৰ অসমৰ সাতভনী তথা বিভিন্ন জাতি জনগোষ্ঠীকলৈ সৃষ্ট বহু গীতৰ মাজৰ অন্যতম হে হে ঢোলে দগৰে,প্ৰণামী বৰঠাকুৰে সুমন কল্যানপুৰৰ কন্ঠৰ বিজুলী পোহৰ খেৰ নাই শীৰ্ষক গীত, প্ৰীতম নাথ আৰু শশাংক কলিতাই নন্দনতাত্বিক গুণ সমৃদ্ধ তথা কাব্যালংকাৰ সংপৃক্ত কালজয়ী গীত চিত্ৰলেখা চিত্ৰলেখা আৰু ভাস্কৰ মৌনসে ৰশ্মিৰেখা কথাছবিৰ ড০ উপেন কাকতিয়ে ৰচনা কৰা মন ক্ষণে ক্ষণে বিনায় শীৰ্ষক গীতেৰে , নিৰ্বাচিত গীতেৰে উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে।
ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰ -ভাস্কৰ্য্য শিল্পী অলকেশ পৰাশৰে সুধাকণ্ঠ গৰাকীৰ বহুকেইখন প্ৰতিচ্ছবি অংকন কৰি অতি নান্দনিক ৰূপত সজাই তোলা কলাভূমিৰ সুন্দৰ পৰিবেশৰ মাজত চাতকৰ উপদেষ্টা তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ অধ্যাপক ড০ পৰশমণি দত্তই চাতকৰ কৰ্মসূচী সদৰি কৰা অনুষ্ঠানটিত চাতকৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, মনোজ বৰা, নয়ন শইকীয়া, লিমন বড়ো আৰু উদীয়মান আদিত্য ভৰদ্বাজৰ জৰিয়তে নিমন্ত্ৰিত শিল্পী নমিতা ভট্টাচাৰ্য্যই তেজপুৰৰ দৰে ঠাইত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰস্তাবনা অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ পাই গৌৰৱান্বিত বুলি কৈ শকুন্তলা কথাছবিৰ প্ৰথম প্ৰহৰ ৰাত্ৰি আৰু বনৰে পখিটি শীৰ্ষক গীতৰ লগতে ফূট গধূলিতে কপিলী সূতিতে আৰু তুমি বিয়াৰ নিশা শীৰ্ষক গীত পৰিবেশন কৰাৰ লগতে প্ৰসিদ্ধ সৰোদবাদক তৰুণ কলিতাই অনুষ্ঠান পৰিবেশন কৰে।
উল্লেখ্য যে উদীয়মান গায়িকা প্ৰিয়ংকা ডেকা আৰু ৰাখি চুতীয়াই সমবেত সংগীতত অংশ লোৱা আৰু চাতকৰ পৰম্পৰা অনুসৰি চাতকৰ প্ৰাক্তন সম্পাদক, বিশিষ্ট ভাওনা আৰু নাট্যশিল্পী ভৱানী ভূঞাৰ জৰিয়তে চাতকৰ সভাপতি পংকজ শৰ্মা, সম্পাদক বিজিত শইকীয়া, প্ৰাক্তন সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য্য, প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, সদস্য মুন ডেকা, দিপাংকৰ নাথ, কৌস্তভ গোস্বামী, কস্তুৰী শৰ্মা, বিপ্লৱ শৰ্মা, গৌতম কোঁচৰ ঘোষা পাঠেৰে চাতকৰ সমস্ত পৰিয়ালে ৰাইজৰ ওচৰত আঠু লৈ সেৱা কৰি অনুষ্ঠানটিৰ সামৰণি মাৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
