আহমেদাবাদ, ২৪ ডিছেম্বৰ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি (দেওবাৰে) গুজৰাটলৈ এদিনীয়া ভ্ৰমণলৈ আহিব । তেওঁ নিজৰ সংসদীয় সমষ্টিৰ বহু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ উন্নয়নমূলক প্ৰকল্পসমূহ অঞ্চলবাসীৰ বাবে উৎসৰ্গা কৰিব। লগতে বহু প্ৰকল্পৰ ভূমি পূজনো কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে পুৱাৰ ভাগত আহমেদাবাদৰ মেমনগৰৰ মেমনগৰ খেলপথাৰত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে স্নেহামিলান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে তেওঁ নিজৰ সংসদীয় সমষ্টি গান্ধীনগৰ জিলাৰ কালোলত অৱস্থিত পানছাৰত দিনৰ ১:৪৫ বজাত পুখুৰীটো উদ্বোধন কৰিব। কিছুমান প্ৰকল্পৰ ভূমি পূজনো ইয়াত কৰা হ’ব। বিয়লি ৩ বজাত গান্ধীনগৰৰ কালোল-খাতৰাজ পথত চৰ্দাৰ পেটেল গোটৰ উদ্যোগত এক বিশাল ঐক্য সন্মিলন অনুষ্ঠিত হ’ব আৰু চৰ্দাৰ পেটেলৰ ১৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব।
তেওঁ বিয়লি ৪:৩০ বজাত গান্ধীনগৰ জন মহোৎসৱৰ অধীনত অনুষ্ঠিত সাংসদ ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰিব। এই অনুষ্ঠান আহমেদাবাদৰ সাবৰমতিত অৱস্থিত ৰেলৱে খেলপথাৰত অনুষ্ঠিত হ’ব। আহমেদাবাদৰ গুজৰাট বিশ্ববিদ্যালয় চৌহদত সন্ধিয়া ৬:৩০ বজাত শ্বাহে গুজৰাট সাহিত্য মহোৎসৱ উদ্বোধন কৰিব।
হিন্দুস্থান সমাচাৰ/বিনোদ/মনোজ
