নতুন দিল্লী, ১৯ নৱেম্বৰ (হি.স.)। জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰৱৰ্তী মুখ্য সচিব হ’ব জ্যেষ্ঠ আই এ এছ বিষয়া অটল দুল্লু। আজি (বুধবাৰে) কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশ অনুসৰি ১৯৮৯ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অটল দুল্লুক ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জম্মু-কাশ্মীৰৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে তেওঁক পুনৰ তেওঁৰ জন্মস্থান জম্মু-কাশ্মীৰ কেডাৰলৈ প্ৰেৰণ কৰে। বৰ্তমানৰ মুখ্য সচিব অৰুণ কুমাৰ মেহতাই ৬০ বছৰ সম্পূৰ্ণ কৰি চলিত মাহৰ শেষৰ ফালে অৱসৰ গ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
