ৱাশ্বিংটন, ২৪ ডিছেম্বৰ (হি.স.)। ভাৰতলৈ অহা তেল টেংকাৰ (জাহাজ) এম ভি কেম প্লুটোক আৰব সাগৰৰ ভাৰত উপকূলৰ সমীপত ইৰাণৰ ড্ৰ’নে আক্ৰমণ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনে। ইয়াৰ বাবেই লাইবেৰিয়াৰ পতাকা উৰুৱাই থকা জাহাজখনৰ এটা অংশত জুই লাগিছিল।
পেন্টাগনৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, গুজৰাটৰ গিৰ সোমনাথ জিলাৰ ভেৰাভালৰ দক্ষিণ-পশ্চিম অঞ্চলত ২০০ নটিকেল মাইল (প্ৰায় ৩৭০ কিলোমিটাৰ) দূৰত্বত ইৰাণৰ পৰা অহা ড্ৰ’নে জাহাজখন আক্ৰমণ কৰে। ইয়াৰ বাবেই অগ্নিকাণ্ড সংঘটিত হয়। পেন্টাগনে কয় যে ২০২১ চনৰ পিছত ইৰাণৰ বাণিজ্যিক জাহাজৰ ওপৰত ই সপ্তমটো আক্ৰমণ।
ইজৰাইল-হামাছ যুদ্ধৰ মাজতে ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীয়ে লোহিত সাগৰত জাহাজত আক্ৰমণ তীব্ৰতৰ কৰাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে। খবৰ অনুসৰি শনিবাৰে পুৱা ১০ বজাত এই আক্ৰমণ সংঘটিত হয়। পেন্টাগনে কৈছে, ‘আমেৰিকাৰ সেনাবাহিনী এই জাহাজৰ সৈতে যোগাযোগৰ মাধ্যমেৰে সংযুক্ত। ভাৰতৰ এটা গন্তব্যস্থানৰ দিশে আগবাঢ়িছে। ইজৰাইলৰ এই বাণিজ্যিক জাহাজখন স্বত্ত্বাধিকাৰ জাপানী কোম্পানী এটাৰ। পেন্টাগনৰ বিবৃতিত কোৱা হৈছে যে এম ভি কেম প্লুটো নামৰ জাহাজখন লাইবেৰিয়াৰ পতাকা উৰুৱাই যাত্ৰা কৰি আছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
