
নগাঁও, ২৪ ডিছেম্বৰ (হি.স.): নগাঁও সাহিত্য সভাৰ মাহেকীয়া সাহিত্যনুষ্ঠানৰ বৈঠকখনি ২৩ ডিছেম্বৰ শনি বাৰে সন্ধিয়া স্থায়ী সভাপতি ভাৰত চন্দ্ৰ নাথৰ সভাপতিত্বত নগাঁও সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।
নগাঁও সাহিত্য সভাৰ সম্পাদক সমীৰ মহন্তই আঁত ধৰা এই অনুষ্ঠানটোত গুণ কান্ত শৰ্মা,ইন্দিৰা গোস্বামী, গৌৰিবল্লভ গোস্বামী, অশোক ৰাম ভট্টাচাৰ্য, জ্যোতিৰ্ময়ী বৰুৱা, অৰুপ কুমাৰ গোস্বামী, দেৱযানী পাঠক শৰ্মা, মীনা বৰা,মধু চৌধুৰী, নগেন চন্দ্ৰ খাউণ্ড, গুণেন্দ্ৰ চক্ৰৱতী, লক্ষ্যজ্যোতি শইকীয়া, এম চইফুল ইছলাম, চায়েৰা বেগম আৰু হেম প্ৰভা বৰা শইকীয়া উপষ্ঠিত থাকি কবিতা গীত,গল্প-প্ৰৱন্ধাদি পাঠ কৰি নিজ-নিজ প্ৰতিভাৰে অনুষ্ঠানটি ঐতিৰ্যমণ্ডিত কৰি তোলে।
মন কৰিবলগীয়া যে ১৯১৭ চনতে প্ৰতিষ্ঠা হোৱা সম্ভৱতঃ তেতিয়াৰ শেৱালী কবি প্ৰয়াত ৰত্নকান্ত বৰকাকতি দেৱ সভাপতি আৰু প্ৰয়াত মুশ্লেশ উদ্দিন আহমেদ সম্পাদক হোৱাৰে পৰা নিৰবিছিন্ন ভাৱে চলি অহা নগাঁও জিলাখনৰে অতি পুৰণি সাহিত্য সংস্কৃতিৰে ভৰা অনুষ্ঠান যিটো অনুষ্ঠান বহু বৰেণ্য গুণী-জ্ঞানী লোকৰে সমৃদ্ধ অতীত, বৰ্তমান আৰু ভৱিষ্যত ইতিহাসৰ বিভিন্ন সাহিত্য সংস্কৃতিৰ ভেটি সৃষ্টিৰ মধ্যমণি বুলিব পাৰি।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
