মুম্বাই, ০৮ ডিছেম্বৰ (হি.স.)। অভিনেতা জুনিয়ৰ মেহমুদ আৰু নাই। জুনিয়ৰ মেহমুদে নিশা ২ বজাত নিজৰ বাসগৃহত শেষ উশাহ লৈছিল। পেটৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল তেওঁ। কিছুদিন তেওঁৰ স্বাস্থ্য অতি শোচনীয় আছিল। আজি (শুকুৰবাৰ) বিয়লি ছান্টা ক্ৰুজ কবৰস্থানত তেওঁৰ শেষ অনুষ্ঠান সম্পন্ন কৰা হ’ব। জুনিয়ৰ মেহমুদৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে তেওঁৰ ঘনিষ্ঠ বন্ধু ছালাম কাজীয়ে।
ছালাম কাজীয়ে কয় যে ৬৭ বছৰীয়া অভিনেতা জুনিয়ৰ মেহমুদক নয়ম চৈয়দ নামেৰে হয়তো প্ৰায়ে কোনোৱেই মাতিছিল। এইটোৱেই আছিল তেওঁৰ প্ৰকৃত নাম। তেওঁ পৰেলৰ টাটা মেম’ৰিয়েল হাস্পতালত চিকিৎসাধীন হৈ আছিল। জুনিয়ৰ মেহমুদৰ স্মৰণীয় ছবিসমূহৰ ভিতৰত আছে ‘হাথী মেৰে সাথী’, ‘কাৰাঁৱা’ আৰু ‘মেৰা নাম জোকাৰ’ৰ দৰে বহু জনপ্ৰিয় ছবি। চিকিৎসাৰ সময়ত অভিনেতা মেহমুদে পুৰণি বন্ধু জিতেন্দ্ৰ আৰু শচীন পিলগাঁওকাৰক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পিছত শচীন আৰু জিতেন্দ্ৰও তেওঁক লগ কৰিবলৈ গৈছিল। অভিনেতা জুনিয়ৰ মেহমুদৰ মৃত্যুত শোকৰ লহৰ বলিছে উদ্যোগটোত। এই উপ নামটো নৈম চৈয়দক দিছিল প্ৰবীণ কমেডিয়ান মেহমুদে।
অভিনয় জীৱনত জুনিয়ৰ মোহমুদে ছবিৰ উপৰি টিভি শ্ব’তো কাম কৰিছিল। তেওঁৰ কেৰিয়াৰৰ প্ৰথমখন ছবি আছিল সঞ্জীৱ কুমাৰৰ ১৯৬৭ চনত নিৰ্মাণ কৰা নৌনিহাল। সেই সময়ত তেওঁৰ বয়স আছিল ১১ বছৰ। ইয়াৰ পিছত সংঘৰ্ষ, ব্ৰহ্মচাৰী, দো ৰাষ্টে, কটি পটাং হুংগামা, ছোটি বহু, দাদাগিৰিকে ধৰি বহু ছবিত তেওঁক দেখা গৈছিল। ৰাজেশ খান্না আৰু গোবিন্দৰ ছবিত তেওঁক বেছিকৈ দেখা গৈছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
