লক্ষিমপুৰ, ০৮ ডিছেম্বৰ (হি.স.): লক্ষিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী হাৰমতীৰ, হাৰমতী চাহ বাগানৰ আদিবাসী ৰংগমঞ্চত শ্ৰীশ্ৰী সৱৰী সত্ৰ, চাহ জনগোষ্ঠীয় আদিবাসী ধর্ম-সংস্কৃতি উন্নয়ন পৰিষদৰ উদ্যোগত আৰু হাৰমতীৰ স্থানীয় ৰাইজৰ সহযোগত অহা ২৪ ডিচেম্বৰ ভাওনা মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰিছে। এই লৈ কালি আবেলি সম্পূৰ্ণ ধৰ্মীয় নীতিনিয়মৰ মাজেৰে লাইখুঁটা স্থাপন কৰা হয় ৷
অহা দেওবাৰে বৰ্ণাধ্য কার্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ”ভাওনা” “প্ৰহ্লাদৰ হৰিভক্তি হলিকা দাহন, হিৰণ্য কশিপু বধ” নাটভাগ বিহপুৰীয়া ভূঞা গাওঁৰ উদয় জ্যোতি সাংস্কৃতিক দলৰ দ্বাৰা মঞ্চস্থ কৰাৰ আয়োজন কৰাৰ কথা সদৰি কৰে আয়োজক সমিতিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
