
নতুন দিল্লী, ১৩ অক্টোবৰ (হি.স.)। কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পাছত প্ৰাধান্য লাভ কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া কান্নান গোপীনাথনে সোমবাৰে কংগ্ৰেছ দলত যোগদান কৰে। তেওঁক দলৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে দলত অন্তৰ্ভুক্ত কৰে। এই উপলক্ষে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰা, জিগনেশ মেৱানী আৰু কানহাইয়া কুমাৰো উপস্থিত থাকে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কয় যে কান্নন গোপীনাথন সেইসকল সাহসী বিষয়াৰ ভিতৰত এজন যিয়ে সদায় অভাৱগ্ৰস্ত আৰু প্ৰান্তীয় লোকৰ হৈ মাত মাতি আহিছে। গোপীনাথনে কংগ্ৰেছ দলত যোগদান কৰাটো স্পষ্ট ইংগিত যে ন্যায় আৰু সমতাৰ মতাদৰ্শৰ প্ৰতি দায়বদ্ধ একমাত্ৰ দল কংগ্ৰেছ। ২০১৯ চনত গোপীনাথনে পদত্যাগ কৰিছিল যদিও আজিলৈকে তেওঁৰ পদত্যাগ গ্ৰহণ কৰা হোৱা নাই।
এই উপলক্ষে পৱন খেৰাই কয় যে কান্নন গোপীনাথন আছিল ২০১২ বেচৰ আই এ এছ বিষয়া। দেশত মাত মাতিবলৈ কঠিন হৈ পৰা সময়ত তেওঁ সাহসেৰে মাত মাতিলে। জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা, নাগৰিকত্ব সংশোধনী আইন (চিএএ), ভিভিপিএটি আদি বিষয়ত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ কণ্ঠস্বৰ বিৰোধিতা কৰে। তেওঁৰ বিৰুদ্ধে কেইবাটাও এফ আই আৰ দাখিল কৰা হৈছিল, আৰু প্ৰশাসনিক হেঁচা প্ৰয়োগ কৰা হৈছিল, কিন্তু তেওঁ কেতিয়াও হাৰ নামানিল।
উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল আৰু যোগাযোগ নিষেধাজ্ঞাৰ প্ৰতিবাদত ২০১৯ চনৰ ৫ আগষ্টত কান্নন গোপীনাথনে পদৰ পৰা পদত্যাগ কৰিছিল। পদত্যাগ কৰাৰ পিছত তেওঁ উল্লেখ কৰে যে চৰকাৰৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ অধিকাৰ আছে, কিন্তু নাগৰিকসকলৰো প্ৰতিক্ৰিয়া জনোৱাৰ অধিকাৰ থাকিব লাগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
