নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। এক্সিয়াম ৪ অভিযানৰ পৰা উভতি অহা ভাৰতীয় মহাকাশচাৰী তথা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই বৃহস্পতিবাৰে কয় যে মহাকাশৰ পৰা ভাৰতক বৰ ধুনীয়া দেখা যায় । ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত এক সংবাদমেলত শুভাংশু শুক্লাই এক্সিয়াম-৪ অভিযানৰ আৰম্ভণিৰ পৰা সফলতাৰে সমাপ্ত হোৱালৈকে তেওঁৰ যাত্ৰাৰ বিষয়ে কয়। এই সময়ত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি আৰু মহাকাশ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড° জিতেন্দ্ৰ সিং আৰু ইছৰোৰ বিষয়াসকলো উপস্থিত থাকে।
শুক্লাই কয় যে এজনে যিমানেই ট্ৰেইনিং নলওক কিয়, তাৰ পিছতো যেতিয়া ৰকেটত বহি ইঞ্জিন ষ্টাৰ্ট হয় তেতিয়াও এক একেবাৰে বেলেগ অনুভৱ হয়। শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। এই অভিজ্ঞতা অবিশ্বাস্য আছিল, যাত্ৰাটো আছিল ৰোমাঞ্চকৰ আৰু আচৰিত। এই অভিযান সম্ভৱ কৰি তোলা চৰকাৰ, ইছৰো, বিজ্ঞানী আৰু নাগৰিকৰ প্ৰতি তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।
মহাকাশচাৰী শুক্লাই কয় যে এই অভিযান ভাৰতৰ বৈজ্ঞানিক সামৰ্থ্য আৰু বিশ্ব মহাকাশ সহযোগিতাৰ এক শক্তিশালী প্ৰমাণ। মহাকাশত কটোৱা প্ৰতিটো মুহূৰ্তই আমাক কেৱল কাৰিকৰী উৎকৰ্ষতাৰ অভিজ্ঞতা লাভ কৰাই নহয়, মানৱতাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিলে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
