চিকাগো, ২৭ জানুৱাৰী । চিকাগোত শুকুৰবাৰে বিয়লি দুজন ছাত্ৰক গুলীয়াই হত্যা কৰা হয়। দ্য লুপৰ নৰ্থ ৱাবাছ এভিনিউৰ প্ৰথম ব্লকৰ ইনোভেচন হাইস্কুলৰ বাহিৰত সংঘটিত হয় এই ঘটনা।
চিকাগো ছান টাইমছৰ প্ৰতিবেদন অনুসৰি, নিশা প্ৰায় ১২:২৫ বজাত মুখা পিন্ধা বন্দুকধাৰীয়ে চিকাগো পাব্লিক স্কুলৰ দুজন ছাত্ৰ ৰবাৰ্ট বষ্টন (১৬) আৰু মণ্টেৰিয়া উইলিয়ামছ (১৭)ক গুলীয়াই হত্যা কৰে। এখন গাঢ় ৰঙৰ চেডান আৰু এখন এছ ইউ ভি গাড়ীৰে আহি মুখা পিন্ধা আক্ৰমণকাৰীয়ে গুলীচালনা কৰি পলায়ন কৰে।
এই কথা আৰক্ষী আৰু কুক কাউন্টি মেডিকেল এক্সামনাৰ অফিচে নিশ্চিত কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। উপ আৰক্ষী অধীক্ষক জন হেইনে কয় যে আক্ৰমণকাৰীয়ে ছয়জন ছাত্ৰক লক্ষ্য কৰি লৈছিল। ইয়াৰে দুজনৰ মৃত্যু হয়।
