ভেংকুৱাৰ (কানাডা), ১৪ জানুৱাৰী (হি.স.)। বিগত ২৪ ঘণ্টা ধৰি ক্লাৰ্ক কাউন্টি আৰু পৰ্টলেণ্ড-ভেংকুভাৰ মেট্ৰ’ এলেকাৰ লোকসকলে বৰফৰ ধুমুহাৰ সন্মুখীন হৈছে। ভেংকুৱাৰত শীতকালত যোৱা ৩৩ বছৰৰ অভিলেখ ভংগ হৈছে। তুষাৰপাত, শিলাবৃষ্টি আৰু পূবৰ প্ৰচণ্ড বতাহৰ বাবে তাপমাত্ৰা যথেষ্ট হ্ৰাস পাইছে। সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ১০ ডিগ্ৰী চেলছিয়াছ বুলি ৰেকৰ্ড কৰা হৈছে।
স্থানীয় বাতৰি কাকত দ্য কলম্বিয়ানে নেশ্যনেল ৱেদাৰ চাৰ্ভিচৰ জ্যেষ্ঠ বিজ্ঞানী শ্বাউন ৱেইগেলৰ উদ্ধৃতি দি কয় যে শনিবাৰে বিয়লি ৪ বজাৰ ভিতৰত কলম্বিয়া নদীৰ ওচৰৰ ইষ্ট পৰ্টলেণ্ডত ডেৰ ইঞ্চি বৰফ পৰিছে। বৰষুণ বন্ধ হ’লে দেওবাৰৰ পৰা মঙলবাৰলৈ বতৰ শুকান হ’ব।
ৱেইগেলে কয়, আজি ৰাতি ১০ বজাৰ ভিতৰত ভেংকুৱাৰ মেট্ৰ’ এলেকাত বৰফ পৰিব পাৰে। মানুহ কেইবাদিনো ঠাণ্ডাৰ সন্মুখীন হ’ব। তাপমাত্ৰা স্বাভাৱিকৰ তলত থাকিব পাৰে। ভেংকুৱাৰ ক্লিনিকে কয় যে ইয়াৰ ৰিজ ফিল্ড আৰু কেমাছ আৰ্জেণ্ট কেয়াৰ বন্ধ হৈ আছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
