হৃতিক ৰোশন আৰু দীপিকা পাডুকনে অভিনীত ফাইটাৰ ছবিগৃহত মুক্তি লাভ কৰিছে। ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা দৰ্শকে এই ছবিখনৰ বাবে অপেক্ষা কৰি আছিল। বক্স অফিচত ঢৌ তুলিছে ফাইটাৰ ছবিখনে। ফাইটাৰ ছবিখনৰ সমগ্ৰ দেশতে বিৰাট উন্মাদনা দেখা গৈছে। মুক্তিৰ পূৰ্বেও বাতৰিৰ শিৰোনাম দখল কৰা এই ছবিখন চাবলৈ দৰ্শকে বৃহৎ সংখ্যক ছবিগৃহলৈ গৈছে। ফাইটাৰে ২০২৪ চনৰ আৰম্ভণি কৰিছে এটা বেংৰে। এতিয়া এই ছবিখনেও গণৰাজ্য দিৱসৰ বন্ধৰ পৰা লাভৱান হৈছে।
২০২৪ চনৰ ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিছিল ফাইটাৰ ছবিখন। সাকনিলকৰ এক প্ৰতিবেদন অনুসৰি মুক্তিৰ প্ৰথম দিনাই ফাইটাৰে ২২ কোটি টকা উপাৰ্জন কৰে। দ্বিতীয় দিনা ৩৯ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। মুঠৰ ওপৰত এই ছবিখনে দুদিনত ৬১.৫০ কোটি টকা সংগ্ৰহ কৰিছে।
হৃতিক ৰোশন আৰু দীপিকা পাডুকনে অভিনীত ফাইটাৰ মুক্তিৰ প্ৰথম দিনাৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰিছে। পাইলটৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন বহু দেশত নিষিদ্ধ কৰা হৈছে। উপসাগৰীয় সহযোগিতা পৰিষদৰ বাহৰেইন, কুৱেইট, কাটাৰ, চৌদি আৰব, ওমান, সংযুক্ত আৰব আমিৰশ্বাহী আদি দেশত এই ফাইটাৰ ছবিখন নিষিদ্ধ কৰা হৈছে। ফাইটাৰ ছবিখনত ভাৰতীয় সেনাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ ওপৰত বিমান আক্ৰমণ চলাই থকা দেখা গৈছে। এই ছবিখনৰ কাহিনী পুলৱামা আক্ৰমণৰ ওপৰত আধাৰিত।
ফাইটাৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে হৃতিক ৰোশন আৰু দীপিকা পাডুকনে। অনিল কাপুৰ, কৰণ সিং গ্ৰভাৰ আৰু অক্ষয় ওবেৰয়কো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যায়। এই ছবিখনৰ পৰিচালনাৰ দায়িত্ব লৈছে সিদ্ধাৰ্থ আনন্দই। মুক্তিৰ পূৰ্বেও এই ছবিখনক লৈ যথেষ্ট চৰ্চা চলিছিল। এইখন ছবিৰ কাহিনী আৰু শক্তিশালী হোৱাৰ লগতে তাৰকাসকলো প্ৰসিদ্ধ। ফাইটাৰ ২ ঘণ্টা ৪৬ মিনিটৰ এখন ছবি। এই ছবিখনক চেঞ্চৰ ব’ৰ্ডে ইউ/এ প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। সমগ্ৰ দেশৰ ৭,৫৩৭খন পৰ্দাত মুক্তি লাভ কৰিছে ছবিখন। সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন মাৰ্ফ্লিক্স পিকচাৰ্ছৰ বেনাৰত প্ৰযোজনা কৰিছে ভায়াকম ১৮য়ে।
