মেক্সিকো চহৰ, ২৪ অক্টোবৰ (হি.স.)। বৃহস্পতিবাৰে মেক্সিকোৱে কথিত ড্ৰাগছ সৰবৰাহকাৰী তথা চীনৰ নাগৰিক জি ডং জাঙক আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰে।
জুলাই মাহত মেক্সিকোত গৃহবন্দী হোৱাৰ পৰা পলায়ন কৰাৰ পিছত আন দুজন সন্দেহযুক্ত লোকৰ সৈতে কিউবাত গ্ৰেপ্তাৰ কৰা হৈছিল “ভাই ৱাং” নামেৰে পৰিচিত জাংক।
তেওঁৰ বিৰুদ্ধে আমেৰিকাত ফেণ্টানিল আৰু অন্যান্য ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপন হ’ব। মেক্সিকান ড্ৰাগছ কাৰ্টেলৰ সৈতে গোপন বুজাবুজি কৰি চীনৰ পৰা ফেণ্টানিল আৰু অন্যান্য নিচাযুক্ত দ্ৰব্য যোগান, চোৰাংচোৱা আৰু বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে জাঙে।
মেক্সিক’ৰ ফেডাৰেল আদালতে প্ৰত্যাৰ্পণৰ পূৰ্বে জাংক গৃহবন্দী কৰি ৰাখিছিল যদিও তেওঁ পলায়ন কৰিছিল। কিন্তু কিউবাত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক মেক্সিকোলৈ অনা হয় আৰু লগে লগে তেওঁক আমেৰিকান কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়।
মেক্সিকান নিৰাপত্তা সচিব ওমৰ গাৰ্চিয়া হাৰফুচে এক্সৰ ওপৰত লিখা এটা পোষ্টত কয় যে আজি তেওঁক আমেৰিকান কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হৈছে।এই প্ৰত্যাৰ্পণক ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আমেৰিকা-মেক্সিকোৰ সহযোগিতা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
