– ৰাষ্ট্ৰীয় বিধানসভাৰ ২৬৬খন আসনৰ বাবে ১২.৮৫ কোটি ভোটাৰ
ইছলামাবাদ, ০৮ ফেব্ৰুৱাৰী। পাকিস্তানত আজি বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে দেশখনৰ সাধাৰণ নিৰ্বাচন। এই ভোটদান সন্ধিয়া ০৫ বজাত শেষ হ’ব। নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৬,৫০,০০০ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। লগতে ভোটদানৰ সময়ত টেলিফোন সেৱা বন্ধ কৰি দিয়া হৈছে। বুধবাৰে বেলুচিস্তান প্ৰদেশৰ নিৰ্বাচনী কাৰ্যালয়ক লক্ষ্য কৰি সংঘটিত কৰা দুটা বোমা বিস্ফোৰণত কমেও ২৫ জন লোক নিহত হোৱাৰ লগতে ৪২ জন আহত হয়।
আজি অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ৭৪ বছৰীয়া শ্বৰীফে অভিলেখ সৃষ্টিকাৰী চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ বাবে চকু ৰাখিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান জেলত থকাৰ সময়তে নিৰ্বাচনত সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে শ্বৰিফৰ পাকিস্তান মুছলিম লীগ-নৱাজ। নৱাজ শ্বৰীফৰ প্ৰতি সেনাৰ সমৰ্থন আছে।
ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰাৰ্থীসকলে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
বিলোৱাল ভুট্টো-জৰ্দাৰীৰ পাকিস্তান পিপলছ পাৰ্টি (পিপিপি)য়েও এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত আছে। বিলোৱাল ভুট্টো-জৰ্দাৰীক প্ৰধানমন্ত্ৰী পদৰ মুখ হিচাপে ঘোষণা কৰিছে দলটোৱে।
নেচনেল এচেম্বলীৰ ২৬৬খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ১২.৮৫ কোটিৰো অধিক পঞ্জীয়নভুক্ত ভোটাৰে ভোটদান কৰিব। পাকিস্তানৰ নিৰ্বাচন আয়োগ(ইচিপি)ৰ তথ্য অনুসৰি মুঠ ১২,৮৫,৮৫,৭৬০ জন পঞ্জীয়নভুক্ত ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে। আয়োগৰ তথ্য অনুসৰি পঞ্জাৱত সৰ্বাধিক পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা ৭,৩২,০৭,৮৯৬, তাৰ পিছতে সিন্ধত ২,৬৯,৯৪,৭৬৯, খাইবাৰ পখতুনখোৱাত ২,১৯,২৮,১১৯, বেলুচিস্তানত ৫৩,৭১,৯৪৭ আৰু ৰাজধানী ইছলামবাদত ১০,৮৩,০২৯ জন ভোটাৰ আছে।
নেচনেল এচেম্বলীৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৫,১২১ জন প্রার্থীৰ ভিতৰত ৪৮০৭জন পুৰুষ, ৩১২গৰাকী মহিলা আৰু দুগৰাকী হিজড়া আছে ৷ চাৰিখন প্ৰাদেশিক বিধানসভাৰ বাবে ১২,৬৯৫ জন প্ৰাৰ্থীৰ মাজত ১২,১২৩ জন পুৰুষ, ৫৭০ জন মহিলা আৰু দুগৰাকী হিজড়া আছে।
ইচিপিয়ে দেশজুৰি ৯,০৭,৬৭৫টা ভোটকেন্দ্ৰ স্থাপন কৰিছে, য’ত পুৰুষ ভোটাৰৰ বাবে ২৫,৩২০টা, মহিলাৰ বাবে ২৩,৯৫২টা আৰু আন ৪১,৪০৩টা মিশ্ৰিত ভোটকেন্দ্ৰ।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৪৪,০০০ ভোট কেন্দ্ৰ স্বাভাৱিক হোৱাৰ বিপৰীতে ২৯,৯৮৫ টা স্পৰ্শকাতৰ আৰু ১৬,৭৬৬ টা অতি স্পৰ্শকাতৰ বুলি ঘোষণা কৰা হৈছে।
ভোটাৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰায় ৬,৫০,০০০ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ইয়াৰ ভিতৰত আছে আৰক্ষী, অসামৰিক সশস্ত্ৰ বাহিনী আৰু সশস্ত্ৰ বাহিনী। ইচিপিৰ এগৰাকী বিষয়াই কয় যে ইতিমধ্যে দণ্ডাধীশৰ বিশেষ ক্ষমতা প্ৰদান কৰা প্ৰিজাইডিং বিষয়াগৰাকীয়ে আৰক্ষী আৰু সেনা জোৱানৰ সুৰক্ষাত ভোটগ্ৰহণ সামগ্ৰীসমূহ ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ যাব।
