থিম্ফু, । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি দুদিনীয়া ভূটান ভ্ৰমণসূচীৰে ভূটানৰ থিম্ফুত উপস্থিত হয়। পাৰো বিমানবন্দৰত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই তেওঁৰ ভাৰতীয় সমকক্ষ নৰেন্দ্ৰ মোডীক উষ্ম আদৰণি জনায় । ২২ৰ পৰা ২৩ মাৰ্চলৈ চুবুৰীয়া দেশত থাকিব প্ৰধানমন্ত্ৰী মোডী। ইয়াৰ পূৰ্বে পাৰো বিমানবন্দৰৰ প্ৰতিকূল বতৰৰ বাবে ২১ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ ভূটান ভ্ৰমণ স্থগিত ৰখা হৈছিল।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা প্ৰায় ৭ বজাত নতুন দিল্লীৰ পৰা ভূটান অভিমুখে ৰাওনা হয়। ভূটান ভ্ৰমণ সন্দৰ্ভত আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স পোষ্টত লিখিছে, ভাৰত-ভূটানৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মই বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। ভূটানৰ মহামহিম ৰজা, মহামহিম চতুৰ্থ ড্ৰুক গ্যালপো আৰু প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে আগ্ৰহী।” ইয়াৰ পূৰ্বে যোৱা সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে পাঁচ দিনীয়া ভাৰত ভ্ৰমণলৈ গৈছিল। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইটোৱেই আছিল তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ। ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
