দোহা, ০৮ ফেব্ৰুৱাৰী। এ এফ চি এছিয়ান কাপৰ বুধবাৰে অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন কাটাৰে আক্ৰাম আফিফ আৰু আলমোজ আলীৰ দৰ্শনীয় গ’লৰ সহায়ত ইৰাণক ৩-২ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। শনিবাৰে লুছাইল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখনত কাটাৰে জৰ্ডানৰ বিৰুদ্ধে খেলিব।
খেলখনৰ চতুৰ্থ মিনিটত চৰ্দাৰ আজমৌনে সুন্দৰ গ’ল দি ইৰাণক অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে সমতা স্থাপনৰ বাবে আয়োজক দলে বেছি সময় অপেক্ষা কৰিব লগা হোৱা নাছিল। খেলখনৰ ১৭ মিনিটত আফিফৰ বেকপাছৰ পাছত বাকচৰ বাহিৰৰ পৰা জেচেম গাবেৰে এটা দৰ্শনীয় গ’ল দি কাটাৰক ১-১ গ’লত সমতা স্থাপন কৰে।
আক্ৰাম আফিফে নিজৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখি ৪৩ মিনিটত এক দৰ্শনীয় গ’ল দি কাটাৰক ২-১ গ’লত আগুৱাই লৈ যায়। ইয়াৰ লগে লগে ৫টা গ’লৰ সৈতে আফিফে এতিয়া গোল্ডেন বুটৰ দৌৰত ইৰাকৰ আয়মান হুছেইনৰ পৰা মাত্ৰ এটা গ’ল পিছ পৰি আছে।
আনহাতে ৫১ মিনিটত ইৰাণে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে আৰু আলিৰেজা জাহানবাখছে পেনাল্টিটো গ’ললৈ ৰূপান্তৰিত কৰি নিজৰ দলটোক ২-২ গ’লত সমতা প্ৰদান কৰে।
দ্বিতীয়ার্ধত ইৰাণে অধিক সুযোগ সৃষ্টি কৰাৰ পাছতো কাটাৰে ৮২ মিনিটত এলমোজ আলীৰ গ’লৰ সহায়ত ৩–২ গ’লত নিৰ্ণায়ক অগ্ৰগতি লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰে।
