ৱাশ্বিংটন, ০৯ আগষ্ট (হি.স.)। আমেৰিকাৰ মধ্যস্থতাত দুখন পুৰণি প্ৰতিদ্বন্দ্বী আজাৰবাইজান আৰু আৰ্মেনিয়াই শুকুৰবাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰে। আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভ আৰু আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাছিনিয়ানে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত এই শান্তি চুক্তিত অংশগ্ৰহণ কৰে।
আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত হোৱা শান্তি চুক্তি সন্দৰ্ভত ট্ৰাম্পে কয় যে দুয়োখন দেশে ৩৫ বছৰ ধৰি যুঁজ দি আহিছে আৰু এতিয়া দীৰ্ঘদিন ধৰি বন্ধুত্ব হৈ থাকিব। তেওঁ কয় যে দুয়োখন দেশে চিৰদিনৰ বাবে যুঁজ বন্ধ কৰি ভ্ৰমণ, বাণিজ্য আৰু কূটনৈতিক সম্পৰ্ক মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছে।
আৰ্মেনিয়া আৰু আজাৰবাইজান দুয়োখন নেতাই ট্ৰাম্পক প্ৰশংসা কৰে আৰু সংঘাতৰ অন্ত পেলোৱাত সহায় কৰাৰ বাবে ধন্যবাদ জনায়। লগতে তেওঁক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিব বুলিও কয়।
মন কৰিবলগীয়া যে আৰ্মেনিয়া আৰু আজাৰবাইজান বিবাদৰ মূলতে হৈছে নাগৰ্নো-কাৰাবাখ অঞ্চল, যিটো আজাৰবাইজানৰ অংশ হোৱাৰ পিছতো জাতিগতভাৱে আৰ্মেনিয়ান জনবসতিপূৰ্ণ অঞ্চল হৈয়েই আছে। ৮০ৰ দশকৰ শেষৰ ফালে আৰ্মেনিয়াৰ সহায়ত ইয়াৰ বিচ্ছেদ ঘটিছিল। ২০২৩ চনত আজাৰবাইজানে পুনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে, তাৰ পিছত প্ৰায় এক লাখ জনগোষ্ঠীয় আৰ্মেনিয়ান আৰ্মেনিয়ালৈ গুচি যায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
