ছিউল, ০২ জানুৱাৰী (হি.স.)। দক্ষিণ কোৰিয়াৰ বিৰোধী নেতা লি জেমিউঙক বুছান চহৰত চোকা অস্ত্ৰৰে মাৰাত্মক আক্ৰমণ কৰা হয়। ফলত সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
ডেম’ক্ৰেটিক পাৰ্টিৰ মুৰব্বী লি জেমিউঙে আক্ৰমণৰ সময়ত বুছান চহৰৰ গাডেক দ্বীপত বিমানবন্দৰ নিৰ্মাণ স্থান পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি আছিল। এই সময়ছোৱাত আক্ৰমণকাৰীয়ে তেওঁৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ঘটনাস্থলীৰ পৰাই আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
টেলিভিছন আৰু ছ’চিয়েল মিডিয়াত প্ৰকাশিত ভিডিঅ’ত আক্ৰমণকাৰীয়ে জেইয়ুঙক আক্ৰমণ কৰা দেখা যায়। আক্ৰমণৰ পিছতে জেইম্যুং মাটিত পৰি যায়। তেওঁক তেওঁৰ সমৰ্থকসকলে ততালিকে চিকিৎসালয়লৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
