কলম্বো, ২৭ জানুৱাৰী। সমগ্ৰ বিশ্বতে ভাৰতীয় গণৰাজ্য দিৱস পালন কৰা হৈছিল। সমগ্ৰ বিশ্বৰ প্ৰবাসী ভাৰতীয়সকলে শুকুৰবাৰে গণৰাজ্য দিৱস উদযাপন কৰি বিদেশত থকা দেশৰ মিছনসমূহত ত্ৰিৰংগা উত্তোলন কৰে। ভাৰতৰ বহু কূটনীতিবিদে অমৃত কালত প্ৰৱেশ কৰি দেশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি লয়।
সমগ্ৰ বিশ্বত থকা ৰাষ্ট্ৰদূতসকলে ত্ৰিৰংগা উত্তোলন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ গণৰাজ্য দিৱসৰ বাৰ্তা পাঠ কৰে। ইয়াৰ ভিতৰত ৰাছিয়া, ইটালী, জাৰ্মানী, ছিংগাপুৰ, নাইজেৰিয়া, ইউক্ৰেইন, মালদ্বীপ, ইজৰাইল, শ্ৰীলংকা, নিউজিলেণ্ড, চেক গণৰাজ্য, থাইলেণ্ড, কম্বোডিয়া, জাপান, চীন আৰু বাংলাদেশ আদি অন্যতম। প্ৰায় সকলো ঠাইতে ভাৰতীয় প্ৰৱাসীসকলেয়ে সাংস্কৃতিক আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইজিপ্তত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অজিত গুপ্তেই গণৰাজ্য দিৱস উদযাপনৰ বাবে এক আদৰণি নৈশ ভোজৰ আয়োজন কৰে। ইয়াত মুখ্য অতিথি হিচাপে ইজিপ্তৰ যোগাযোগ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ড০ আমৰ তালাটৰ লগতে ভাৰতীয় প্ৰৱাসী বহু সংখ্যক সদস্যই অংশগ্ৰহণ কৰে।
চীনত থকা ভাৰতীয় দূতাবাসে টুইটাৰযোগে পোষ্ট কৰি কয় যে প্ৰচণ্ড শীতৰ মাজতো বিপুল সংখ্যক লোকৰ উপস্থিতিত শ্ৰদ্ধাপূৰ্বক গণৰাজ্য দিৱস উদযাপন কৰা হয় । এই সময়ত ইউক্ৰেইনত থকা ভাৰতৰ ৰাষ্ট্ৰদূতে জনসাধাৰণৰ বাবে শান্তি, সমৃদ্ধি আৰু কল্যাণ কামনা কৰে। জেনেভাত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে জাতীয় পতাকা উত্তোলন কৰি ভাৰতীয় সম্প্ৰদায়ৰ লগতে অন্যান্যসকলক সম্বোধন কৰে।
নাইজেৰিয়াৰ লাগোছত থকা ভাৰতৰ মহাবাণিজ্যিক দূতাবাসে এই অনুষ্ঠানত ৫০০ৰো অধিক প্ৰবাসী ভাৰতীয়ই অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। সমগ্ৰ লাগোছৰ বিদ্যালয়সমূহৰ শিশুসকলেও দেশপ্ৰেমমূলক গীত পৰিবেশন কৰে। ভূটানত দেশপ্ৰেমমূলক গীতৰ লগতে মণিপুৰী নৃত্যও ভাৰতীয় আৰু ভূটানৰ শিল্পীৰ দ্বাৰা পৰিবেশন কৰা হৈছিল। শ্ৰীলংকাৰ ৰাজধানী কলম্বোত বেণ্ডৰ জৰিয়তে পৰিবেশন কৰা দেশপ্ৰেমমূলক সুৰ বজাইছিল। লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰাণৱন্ত লোকনৃত্যও মঞ্চস্থ কৰে।
