
ৱাশ্বিংটন, ০৯ নৱেম্বৰ (হি.স)।: ছিৰিয়াত ইৰাণৰ অস্ত্ৰ-শস্ত্ৰ ডিপোত আক্ৰমণ কৰে আমেৰিকাৰ বোমাৰু বিমানে। এই আক্ৰমণত ৯ জন লোকৰ মৃত্যু হয়। এফালে ইজৰাইল আৰু হামাছৰ যুদ্ধই মধ্যপ্ৰাচ্যক এক ধ্বংসলীলালৈ ৰূপান্তৰিত কৰিছে। আনহাতে, গাজা ষ্ট্ৰিপত হাজাৰ হাজাৰ নিৰীহ লোকৰ মৃত্যু।এই পৰিস্থিতিত বিশেষজ্ঞসকলে আমেৰিকাৰ বোমাৰু বিমানৰ আক্ৰমণত ভয়ৰ ডাৱৰ দেখা পাইছে।
বুধবাৰে আমেৰিকাৰ এফ-১৫ যুদ্ধ বিমানে পূব ছিৰিয়াৰ অস্ত্ৰ-শস্ত্ৰ ডিপোত বোমা বিস্ফোৰণ কৰি ৯ জন লোকৰ মৃত্যু হয়। এই আক্ৰমণৰ সপক্ষে যুক্তি দি আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে কয় যে, “পূব ছিৰিয়াত ইৰাণৰ সেনাৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পৰ এটা অস্ত্ৰভাণ্ডাৰত বিমানৰ বোমাবৰ্ষণ কৰা হৈছে।” ইৰাক আৰু ছিৰিয়াত আমেৰিকাৰ সামৰিক বাহিনীৰ বিৰুদ্ধে Qods ফৰ্চৰ আক্ৰমণ প্ৰতিশোধমূলক। প্ৰয়োজন হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
জ্ঞাত মহলে ভাবে যে ইজৰাইল-হামাছ যুদ্ধৰ বাবেই তেহৰানে হামাছক সমৰ্থন কৰিছে।এই কথা ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ বক্তব্যত প্ৰতিফলিত হৈছে। তেওঁ স্পষ্টকৈ কৈছিল, “মই হামাছক লৈ গৌৰৱান্বিত।”এয়া মধ্যপ্ৰাচ্যত ইজৰাইল-হামাছৰ সংঘাত বিয়পাই দিয়াৰ ষড়যন্ত্ৰ। মুঠতে ক’ব পাৰি যে ইৰাণে আমেৰিকাৰ সেনাবাহিনীৰ বিৰুদ্ধে ছাঁয়া যুদ্ধ চলাই আছে।
হিন্দুস্থান সমাচাৰ / কাকালী/মনোজ
