কাঠমাণ্ডু, ২৯ অক্টোবৰ (হি.স.)। নেপালৰ সাগৰমাথা এভাৰেষ্ট বেছ কেম্পৰ সমীপৰ ছ’লুখুম্বুৰ লোবুচেত আজি পুৱা এখন আলটিটুড এয়াৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই ঘটনাত পাইলট জন সুৰক্ষিত বুলি নিশ্চিত কৰিছে সোলুখুমবুৰ উপ-আৰক্ষী অধীক্ষক মনোজিত কুঁৱৰে।
উপ-আৰক্ষী অধীক্ষক কুঁৱৰে জনোৱা মতে, হেলিকপ্টাৰখনত কেৱল পাইলট বিবেক খাডকাহে আছিল। তেওঁ সুৰক্ষিত। এজন পৰ্যটকক উদ্ধাৰ কৰিবলৈ যোৱা হেলিকপ্টাৰখন অৱতৰণৰ সময়ত বৰফৰ ওপৰত পিছলি পৰাত দুৰ্ঘটনাগ্ৰস্ত হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
