কোকৰাঝাৰ, ২৭ জানুৱাৰী : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত দুজন কেএলঅৰ সদস্য গ্ৰেপ্তাৰ কৰা হৈছে। কেএলঅৰ সদস্য দুজন হৈছে সাপকাটা আৰক্ষী চকীৰ ২ নম্বৰ খোকছাগুৰি গাঁৱৰ ৰবীন্দ্ৰ বৰ্মণ আৰু প্ৰাণজিত বৰ্মণ।
কেএলঅ দুজনৰ পৰা এটা হস্ত নিৰ্মিত বোমা উদ্ধাৰ কৰে আৰক্ষীয়ে। প্ৰায় ৫ কেজি ওজনৰ বোমাটো আৰক্ষী নিৰাপদে ৰাখিছে।
