ভাৰতলৈ আহিছে বিখ্যাত আমেৰিকান গায়িকা তথা বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনছ। ভায়েকহঁতৰ সৈতে নিক মুম্বাইলৈ আহিছে আৰু তেওঁৰ ভিডিঅ’ পোহৰলৈ আহিছে। প্ৰিয়ংকা চোপ্ৰা এই ভিডিঅ’টোত দেখা পোৱা নাই। আচলতে এইবাৰ প্ৰিয়ংকা চোপ্ৰা নিকৰ লগত নাহিল, কাৰণ নিক আৰু তেওঁৰ ভাতৃ জোনাছ ব্ৰাদাৰ্ছৰ মুম্বাইত কনচাৰ্ট হ’ব, যাৰ বাবে তেওঁলোক আহিছে।
২৭ আৰু ২৮ জানুৱাৰীত পুনৰবাৰ মুম্বাইত আয়োজন কৰা হৈছে বিশ্বৰ অন্যতম বৃহৎ সংগীত মহোৎসৱ লোলাপালুজা। দুদিনীয়া এই সংগীত মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীত কিংবদন্তিসকলে অনুষ্ঠান পৰিৱেশন কৰিব। এই তালিকাত আছে ষ্টিং, জ’নাছ ব্রাদাৰ্ছ, হালচি, ল, ৱানৰিপাব্লিক আৰু দ্য ৰোজছ। দুদিনত ইয়াত প্ৰায় ৪০ গৰাকী শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব।
আজিৰ অনুষ্ঠানত কণ্ঠদান কৰিব জোনাছ ব্রাদার্ছে ৷ ইয়াৰ বাবে তেওঁলোক মুম্বাইলৈ আহিছে। কিছুদিন পূৰ্বে প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামত এটা কাহিনী শ্বেয়াৰ কৰিছিল। ইয়াত মুম্বাইত অনুষ্ঠিত হোৱা জোনাছ ব্রাদাৰ্ছৰ কনচাৰ্টৰ বিষয়ে তথ্য দিয়া হৈছিল। প্ৰিয়ংকাই কৈছিল যে ভাৰতত স্বামীৰ কনচাৰ্টক লৈ তেওঁ অতিশয় উৎসাহিত।
ইফালে, ভাৰতত জোনাছ ব্রাদার্ছৰ এয়া হ’ব প্রথম প্রদর্শন ৷ মুম্বাইৰ মহালক্ষ্মী ৰেচ কোৰ্চত আয়োজন কৰা হ’ব এই অনুষ্ঠান। দুদিনীয়া সংগীত মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব।
