-কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহ, ‘জেন জি’ গোটৰ দ্বিতীয় পছন্দ, পিছুৱাই গ’ল, প্ৰাক্তন মন্ত্ৰী সুমনা শ্ৰেষ্ঠই নাকচ কৰিলে, কুলমান ঘিছিঙৰ নামো চৰ্চা চলি আছে
কাঠমাণ্ডু (নেপাল), ১১ ছেপ্টেম্বৰ (হি.স.)। নেপালত চৰকাৰে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ বিৰুদ্ধে চলি থকা হুলস্থুল আৰু ৰক্তপাতৰ মাজতে প্ৰধানমন্ত্ৰী কে পি অলি (খডগা প্ৰসাদ অলি) শৰ্মাই পদত্যাগ কৰিছে। ইয়াৰ পিছত তেওঁৰ কোনোবা ঠাইলৈ যোৱাৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক শূন্যতা পূৰণৰ কচৰৎ তীব্ৰতৰ হৈ পৰিছে। আন্দোলনৰ নেতৃত্ব দিয়া ‘জেন জি’ গোটৰ লগত জড়িত যুৱক-যুৱতীসকলে বহু নাম বিবেচনা কৰিছে। নেতাৰ দুর্নীতি আৰু ৰাজনীতিত বিয়পি পৰা নেপোটিজমৰ পৰা বিৰক্ত গোর্খাসকলৰ ধৈর্য এক প্রকাৰে ভাঙি গৈছে৷ গণ বিদ্ৰোহৰ জুইকুৰাত আঠচল্লিশ ঘণ্টাৰো অধিক সময় জ্বলি থকা হিমালয়ৰ দেশখনত বিয়পি পৰা বিশৃংখলতা ৰোধ কৰিবলৈ মঙলবাৰে সন্ধিয়া নেপালী সেনাই কমাণ্ড ল’বলগীয়া হৈছিল। বৰ্তমান সময়ত পুনৰ শুদ্ধ পথলৈ অহা দেশখন চম্ভালিব পৰাকৈ অন্তৱৰ্তীকালীন চৰকাৰ নিৰ্বাচনৰ বিষয়ে আলোচনা চলি আছে। অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী। তেওঁৰ নামটোক লৈ যেন একমত হৈছে।
দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কাৰ্কীৰ নাম সন্দৰ্ভত সামৰিক বিষয়াসকলৰ সৈতে সহমতত উপনীত হয় ‘জেন জি’ গোটৰ অধিকাংশ প্ৰতিনিধিয়ে। ইফালে কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহৰ নামো উদয় হ’ল। কিন্তু শ্বাহে পিছুৱাই গ’ল। তেওঁ সুশিলা কাৰ্কীক সমৰ্থন কৰিছিল। একাংশই প্ৰাক্তন মন্ত্ৰী সুমনা শ্ৰেষ্ঠৰ নামো আগবঢ়াইছিল, কিন্তু তেওঁ কয় যে তেওঁ বৰ্তমান য’ত আছে তাতেই ভালেই আছে। এই পদৰ বাবে একাংশ আন্দোলনকাৰীৰ বাছনি হিচাপেও কুলমান ঘিছিং আত্মপ্ৰকাশ কৰিছে। ঘিছিং হৈছে বিদ্যুৎ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ। কিন্তু প্ৰায় সকলো আন্দোলনকাৰী নেতাই সুশিলা কাৰ্কীৰ নামত একমত। বুধবাৰে গভীৰ নিশালৈকে অন্তৱৰ্তীকালীন মুৰব্বীগৰাকীৰ নামক লৈ মন্থন অব্যাহত থাকে। নেপালৰ তিনিখন বাতৰি কাকত নেপালী টাইমছ, দ্য ৰাইজিং নেপাল আৰু দ্য হিমালয়ান টাইমছৰ বাতৰিতো এই কথা নিশ্চিত হৈছে।
ন্য়য়মূৰ্তি সুশীলা কাৰ্কী ভাৰতৰ বি এইচ ইউৰ প্ৰাক্তন ছাত্ৰী
সুশীলা কাৰ্কীয়ে ১৯৭২ চনত বিৰাটনগৰৰ মহেন্দ্ৰ মৰাং কেম্পাছৰ পৰা বি.এ. ডিগ্ৰী অৰ্জন কৰাৰ লগতে ১৯৭৫ চনত বি এইচ ইউ বাৰাণসীৰ পৰা ৰাজনীতি বিজ্ঞানত এম এ কৰে। ইয়াৰ পিছত ১৯৭৮ চনত ত্ৰিভুৱন বিশ্ববিদ্যালয় নেপালৰ পৰা আইন অধ্যয়ন কৰে। বেনাৰসত পঢ়া-শুনা কৰি থাকোঁতে দুৰ্গা প্ৰসাদ সুবেদীৰ লগত বিবাহপাশত আবদ্ধ হয়। দুৰ্গা প্ৰসাদ সুবেদী সেই সময়ত নেপালী কংগ্ৰেছৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা আছিল।
এই সময়ত বিড়ম্বনাৰ কথাটো হ’ল অলিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত যোৱা ২৪ ঘন্টা বা তাতোকৈ অধিক সময় ধৰি নেপাল চৰকাৰ বিহীন হৈ আছে।
আজি সেনা মুখ্য কাৰ্যালয়তো আলোচনা
প্ৰতিবাদকাৰীৰ প্ৰতিনিধিয়ে কাঠমাণ্ডুস্থিত সেনা মুখ্য কাৰ্যালয়ত সামৰিক বিষয়াসকলক সাক্ষাৎ কৰি অন্তৱৰ্তীকালীন চৰকাৰৰ সম্ভাৱ্য নেতাৰ নাম সন্দৰ্ভত আলোচনা কৰে। প্ৰতিবাদকাৰীৰ প্ৰতিনিধি ৰেহন ৰাজ দংগলে কয় যে তেওঁৰ দলটোৱে সামৰিক নেতাসকলক প্ৰস্তাৱ দিছে যে কাৰ্কীয়ে অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিব লাগে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ মহিলা কাৰ্কি। ২০১৬-২০১৭ চনৰ ভিতৰত এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে সেনা মুখ্য কাৰ্যালয়ৰ বাহিৰত সমবেত হোৱা ৰাইজৰ মাজত আন আন প্ৰতিবাদকাৰীয়ে কাৰ্কিৰ নিৰ্বাচনৰ বিৰোধিতা কৰে। অৱশ্য়ে এই সন্দৰ্ভত আলোচনাৰ বাবে বৃহস্পতিবাৰে প্ৰতিবাদকাৰীক সেনাই আমন্ত্ৰণ জনাইছে ।
সেনা প্ৰধানৰ বৈঠকত যুৱ নেতা
বুধবাৰে ‘জেন জি’ গোটৰ হাজাৰ হাজাৰ যুৱকে ডিচকৰ্ডৰ ওপৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি অনলাইন আলোচনাত মিলিত হৈ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিক অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিবলৈ সমৰ্থন জনায়। গোটটোৱে সেনা প্ৰধান অশোকৰাজ ছিগডেলক তেওঁলোকৰ পছন্দৰ বিষয়ে অৱগত কৰে যদিও নিজকে প্ৰকৃত জেন জি বুলি দাবী কৰা কমেও ১২টা আন গোটৰ নেতাক সাক্ষাৎ কৰি আছে। ইয়াৰ ভিতৰত ৰয়েলিষ্ট আৰু অন্যান্য গোটও আছে। ইয়াৰ পূৰ্বে মঙলবাৰে সিংঘা দৰবাৰ, সংসদ আৰু উচ্চতম ন্যায়ালয়ৰ ভৱনসমূহ আগুৰি ধৰাৰ লগতে সমগ্ৰ দেশৰ দলীয় কাৰ্যালয়, সংবাদ মাধ্যম, বিদ্যালয় আৰু ব্যক্তিগত বাসগৃহত আক্ৰমণ সংঘটিত হয়। মূল জেন জি গ্ৰুপে ইয়াৰ জড়িততা অস্বীকাৰ কৰে। ইফালে, আৰ এছ পিৰ সভাপতি ৰবি লামিচানেৰ হাতত নেতৃত্ব অৰ্পণ কৰাৰ ধাৰণাক যুৱক-যুৱতীসকলে বহুলাংশে নাকচ কৰা যেন লাগে। সমবায় সমিতিৰ জমাকাৰীৰ ধন আত্মসাৎ কৰাৰ অপৰাধত ৮ মাহৰ কাৰাদণ্ডৰ অন্তত মঙলবাৰে সমৰ্থকে নখু কাৰাগাৰৰ পৰা উভতাই আনিছিল।
কাৰাগাৰত সংঘৰ্ষ, পাঁচজন কিশোৰ কয়দীৰ মৃত্যু, প্ৰায় ৭০০০ কয়দী পলায়ন
চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত সমগ্ৰ দেশৰ বিভিন্ন কাৰাগাৰৰ পৰা পলায়ন কৰিছে ৭০০০ৰো অধিক কয়দী। সংবাদ মাধ্যমৰ খবৰ অনুসৰি প্ৰতিবাদৰ সুযোগ লৈ কয়দীসকলে পলাবলৈ চেষ্টা কৰে। ইয়াৰ বাবেই বহু কাৰাগাৰত সংঘৰ্ষ সংঘটিত হয়। গৃহ মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি বহু ঠাইৰ পৰা কয়দী পলায়নৰ খবৰ আহিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাংকেৰ বৈজনাথ গ্ৰাম্য পৌৰসভা-৩ত অৱস্থিত নৌবাস্তা আঞ্চলিক কাৰাগাৰৰ নৌবাষ্টা কাৰেকচনেল হোমত মঙলবাৰে নিশা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত পাঁচজন কিশোৰ কয়দী নিহত হয়, আন চাৰিজন আহত হয়। এই ঘটনাৰ সময়ত কাৰাগাৰৰ ৫৮৫ জন কয়দীৰ ভিতৰত ১৪৯ জন আৰু কিশোৰ গৃহৰ ১৭৬ জন কয়দীৰ ভিতৰত ৭৬ জন পলায়ন কৰে। গৃহ মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি দিলিবজাৰ কাৰাগাৰ (১,১০০), চিতৱান (৭০০), নক্খু (১২০০), সুনছাৰীৰ ঝুমপকা (১,৫৭৫), কাঞ্চনপুৰ (৪৫০), কৈলালি (৬১২), জলেশ্বৰ (৫৭৬), কাস্কি (৭৭৩), ডাং (১২৪), জুমলা (৩৬), সোলুখুম্বু (৮৬), গৌৰ (২৬০) আৰু বাঝাং (৬৫)। মুঠতে দক্ষিণ নেপালৰ বাগমতী প্ৰদেশৰ সিন্ধুলিগড়ীৰ জিলা কাৰাগাৰৰ পৰা ৪৩ গৰাকী মহিলাসহ ৪৭১ জন কয়দী পলায়ন কৰে। বুধবাৰে পুৱা কাৰাগাৰৰ ভিতৰত জুই লগাই মূল গেট ভাঙি পলায়ন কৰে কয়দীসকলে। কাঠমাণ্ডু পোষ্টৰ তথ্য অনুসৰি দক্ষিণ নেপালৰ নৱালপাৰাছী পশ্চিম জিলা কাৰাগাৰৰ পৰা ৫০০ৰো অধিক কয়দী পলায়ন কৰে। আন এক ঘটনাত পশ্চিম নেপালৰ পাহাৰীয়া অঞ্চলত অৱস্থিত জুমলা জিলাৰ চন্দনাথ পৌৰসভা-৬ৰ এখন কাৰাগাৰৰ পৰা কমেও ৩৬জন কয়দী পলায়ন কৰে। আৰক্ষীৰ মতে, বুধবাৰে পুৱা ১২:০২ বজাত সংঘটিত হয় এই ঘটনা। অভিযোগ অনুসৰি কাৰাগাৰ ৱাৰ্ডেনক কাঠৰ লাঠিৰে আক্ৰমণ কৰি মূল গেট ভাঙি পলায়ন কৰে।
উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত গোচৰৰ শুনানি স্থগিত ৰাখিছে
দেশৰ উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত গোচৰৰ শুনানি স্থগিত ৰাখিছে। বুধবাৰে জাৰি কৰা এক জাননীত মুখ্য পঞ্জীয়ক বিমল পৌডেলে কয় যে যিবোৰ গোচৰৰ শুনানি চলি আছে সেইবোৰ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত স্থগিত ৰখা হৈছে। জাননীখনত কোৱা হৈছে যে, ৯ ছেপ্টেম্বৰত প্ৰতিবাদকাৰীয়ে জুই লগাই গোচৰৰ ফাইল আৰু চাৰ্ভাৰ ক্ষতিগ্ৰস্ত হৈছে আৰু বৃহস্পতিবাৰৰ পৰা নিৰ্ধাৰিত গোচৰৰ শুনানি পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত পিছুৱাই দিয়া হৈছে। ইয়াৰ বাবে সাধাৰণ জনতাৰ অসুবিধাৰ বাবেও উচ্চতম ন্যায়ালয়ে শোক প্ৰকাশ কৰে।
আজি সন্ধিয়ালৈকে নিষেধাজ্ঞামূলক নিৰ্দেশ, কাইলৈ নিশা কাৰ্ফিউ
কাঠমাণ্ডু উপত্যকাত নিষেধাজ্ঞা আদেশ আৰু সান্ধ্য আইন সন্দৰ্ভত প্ৰকাশ কৰিছে নেপাল সেনাই। ইয়াত নিষেধাজ্ঞা বৃদ্ধি কৰাৰ বিপৰীতে জনসাধাৰণৰ চলাচলৰ বাবে সীমিত শিথিলতা দিয়া হৈছে। চৰকাৰী তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ কাৰ্যকৰী হ’ব এই নিষেধাজ্ঞা আদেশ। ইয়াৰ পিছত শুকুৰবাৰে সন্ধিয়া ৭:০০ বজাৰ পৰা পুৱা ৬:০০ বজালৈ নিশা কাৰ্ফিউ থাকিব। অহা ১১ ছেপ্টেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১০ বজালৈ আৰু সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ চলাচলৰ অনুমতি দিয়া হ’ব। নিষেধাজ্ঞাৰ সময়ছোৱাত এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, স্বাস্থ্যকৰ্মী, নিৰাপত্তাৰক্ষী, সংবাদ মাধ্যম আৰু খাদ্য, ইন্ধন, শাক-পাচলি, গাখীৰ, পানী আৰু ঔষধৰ পৰিবহণ আদি অত্যাৱশ্যকীয় সেৱাৰ অনুমতি দিয়া হ’ব। চৰকাৰী কাৰ্যালয়, বেংক আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক পৰিচয় পত্ৰ দেখুৱাই আগবাঢ়ি যাবলৈ দিয়া হ’ব। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ যাত্ৰীসকলে বিমানৰ টিকট দেখুৱাই যাত্ৰা কৰিব পাৰিব।
ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ভৰি পৰিল
ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জেনেৰেল মেনেজাৰ হন্সৰাজ পাণ্ডেয়ে কয় যে টি আই এৰ নিৰাপত্তা সমিতিৰ বৈঠকত বুধবাৰে সন্ধিয়াৰ পৰা বন্ধ হৈ থকা বিমানবন্দৰটো পুনৰ খোলাৰ সিদ্ধান্তৰ পিছতে বহিঃৰাজ্যলৈ যোৱা যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবাদৰ বাবে মঙলবাৰে বিয়লি ৩:৩০ বজাৰ পৰা বিমানবন্দৰটো বন্ধ হৈ আছিল বুলিও তেওঁ কয়। তেওঁ যাত্ৰীসকলক টিকট ক্ৰয় কৰা এজেন্সী বা সংশ্লিষ্ট বিমান কোম্পানীটোৰ সৈতে যোগাযোগ কৰিহে বিমানবন্দৰলৈ আহিবলৈ আহ্বান জনাইছে।
ত্ৰিশজনৰ মৃত্যু, ১০০০ৰো অধিক আহত
বুধবাৰে সন্ধিয়া স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়ে জনোৱা মতে, এই হিংসাত্মক প্ৰতিবাদৰ সময়ত এই পৰ্যন্ত ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ৰো অধিক আহত লোকক বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। মন্ত্ৰালয়ৰ সম্পাদক ডাঃ বিকাশ দেৱকোটাই কয় যে দেশৰ ২৯খন চিকিৎসালয়ত ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০৬১ জন লোকৰ চিকিৎসা চলি আছে। চিভিল চাৰ্ভিচ হাস্পতালত ৬ জন, নেচনেল ট্ৰমা চেণ্টাৰত ৮ জন, এভাৰেষ্ট হাস্পতালত ৩ জন, চিনামংগলৰ কাঠমাণ্ডু মেডিকেল কলেজত ২ জন, ত্ৰিভুৱন ইউনিভাৰ্চিটি টিচিং হাস্পতালত এজন, ফ্ৰন্টলাইন হাস্পতালত ৩ জন, ধৰণৰ বি পি কইৰালা ইনষ্টিটিউট অৱ হেল্থ ছায়েন্সত ২ জন আৰু ভেৰী হাস্পতালত ৫ জন লোকৰ মৃত্যু হৈছে।
নেপালৰ সংবিধান নিমাত, ৰাষ্ট্ৰপতিৰ ভূমিকা গুৰুত্বপূৰ্ণ
‘নেপালৰ ২০১৫ চনৰ সংবিধানত ৰাজনৈতিক আৰু সাংবিধানিক শূন্যতাৰ পৰিস্থিতি দূৰ কৰিবলৈ কোনো ধৰণৰ সংক্ৰমণকালীন বা জৰুৰীকালীন ব্যৱস্থাৰ কল্পনা কৰা হোৱা নাই।’ বৰ্তমান সময়ত ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ২৭৩ নং অনুচ্ছেদ অনুসৰি বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে।’ বুধবাৰে সন্ধিয়া ছ’চিয়েল মিডিয়াত লিখিছে প্ৰাক্তন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ুক্ত মোহনা আনছাৰীয়ে। মোহনা আনছাৰীৰ মতে, সংবিধানৰ ২৭৩ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে, কিন্তু এমাহৰ ভিতৰত সংসদৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে অনুমোদন দিব লাগিব, তাৰ পিছত তিনিমাহলৈকে কাৰ্যকৰী হৈ থাকিব। তেওঁ কয় যে ‘দেশত প্ৰচলিত প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশিলা কাৰ্কী হৈছে সৰ্বোত্তম পছন্দ। আনছাৰীয়ে কয়, ‘ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধানৰ যত্ন ল’ব লাগে আৰু পৰৱৰ্তী পদক্ষেপসমূহ স্বচ্ছভাৱে গ্ৰহণ কৰিব লাগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
