ইছলামাবাদ, ৩০ অক্টোবৰ (হি.স.)। পাকিস্তানৰ প্ৰখ্যাত ধৰ্মীয় পণ্ডিত মৌলানা তাৰিক জমিলৰ পুত্ৰ অসীম জমিলে পঞ্জাৱ প্ৰদেশৰ পৈত্ৰিক জন্মস্থান তালাম্বাত থকা নিজ গৃহত আত্মহত্যা কৰে। দেওবাৰে ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীয়ে এই দাবী কৰে। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
মুলতান আঞ্চলিক আৰক্ষী বিষয়া সোহেইল চৌধুৰীয়ে জনোৱা মতে, অসীম জমিলে পিষ্টলেৰে বুকুত গুলীচালনা কৰে। তেওঁ মানসিক বিষণ্ণতাত ভুগিছিল। ঘৰটোৰ সকলো চিচিটিভি ফুটেজ ফৰেনছিক বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, তেওঁ নিজৰ পছন্দৰ ছোৱালী এজনীক বিয়া কৰাইছিল যদিও পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। মৌলানা তাৰিক জমিলে পুত্ৰৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
