টেল আভিভ/জেৰুজালেম, ০৮ নৱেম্বৰ (হি.স.)। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত গাজাত চলি থকা সংঘাত আজি পুৱা (বুধবাৰে), যুদ্ধৰ ৩৩ সংখ্যক দিনত নিৰ্ণায়ক পৰ্যায়ত উপনীত হয়। ইজৰাইলৰ নিৰাপত্তা বাহিনী ‘গাজা চহৰৰ কেন্দ্ৰ’ত উপস্থিত হয়। একে সময়তে ইজৰাইলৰ সেনাই গাজা চহৰ খন চৌদিশৰ পৰা ঘেৰাও কৰে। বায়ুসেনাই অব্যাহত ৰাখিছে আকাশী নিৰীক্ষণ। এতিয়া হামাছৰ এজনো সন্ত্ৰাসবাদীয়ে গাজা এৰি পলাব নোৱাৰে। ইফালে ইজৰাইলৰ সেনাই নিশাৰ ভিতৰতে খান ইউনিছত হামাছৰ ঘাটি লক্ষ্য কৰি ধ্বংস কৰে। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৭ অক্টোবৰত হামাছে অপ্ৰৰোচিত আক্ৰমণৰ পিছত ইজৰাইলৰ সৈতে হোৱা যুদ্ধত এতিয়ালৈকে গাজাত ১০,০২২ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰিও ৩২ হাজাৰ লোক আহত হৈছে। এই যুদ্ধত ইজৰাইলেও লোকচানৰ সন্মুখীন হৈছে। এতিয়ালৈকে ইজৰাইলৰ মৃত্যু হৈছে ১৫৩৮ জন। লগতে আহতসকলৰ সংখ্যা ৫,৪৩১ জন। গাজাৰ সাম্প্ৰতিক পৰিস্থিতিত হোৱাইট হাউছে আশ্চৰ্য্য প্ৰকাশ কৰিছে। হোৱাইট হাউছৰ এগৰাকী মুখপাত্ৰই কয় যে ‘ইজৰাইলৰ সেনাই পুনৰ দখল কৰাটো সঠিক নহয়।’
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টে কয় যে আমাৰ সেনাই গাজা চহৰৰ মাজমজিয়াত উপনীত হৈছে আৰু হাতোৰা কঠোৰ কৰি আছে। এনক্লেভত অহৰহ বোমা বৰ্ষণ চলি আছে। আনহাতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে পেলেষ্টাইন ভূখণ্ডৰ ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত তেওঁৰ চৰকাৰৰ প্ৰথম প্ৰত্যক্ষ মন্তব্যত সোমবাৰে কয় যে যুদ্ধ শেষ হোৱাৰ পিছত ইজৰাইলে গাজা ষ্ট্ৰিপৰ নিৰাপত্তাৰ দায়িত্ব অনিৰ্দিষ্টকাললৈ ল’ব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰৱিন্দ
