ভূপাল, ০৮ নৱেম্বৰ (হি.স.)। আজি (বুধবাৰে) মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ ৰাজ্যখনৰ গুণা আৰু মৰেইনা জিলাত এক বিশাল নিৰ্বাচনী সভাত ভাষণ দিব।
বিজেপিৰ ৰাজ্যিক সংবাদ মাধ্যমৰ প্ৰভাৰী আশীষ আগৰৱালাই কয় যে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত দুপৰীয়া ১:৩০ বজাত গুণা আৰু মৰেইনাত বিয়লি ৪:০০ বজাত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভাত ভাষণ দিব।
হিন্দুস্থান সমাচাৰ/ মুকেশ /মনোজ
